ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে আজিৰে পৰা ৰাজ্যত আৰম্ভ কৰিছে মাহজোৰা শিশু শ্ৰমিক বিৰোধী অভিযান ৷ আগশাৰীৰ বেচৰকাৰী সংস্থা ‘বচপন বচাও আন্দোলন’ৰ সহযোগত এই মাহজোৰা কার্যসূচী গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ জৰিয়তে ৩০ জুন পর্যন্ত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব ৷ শিশু শ্ৰমিকসকলক উদ্ধাৰ আৰু পুনঃসংস্থাপনেই এই মাহজোৰা কার্যসূচীৰ মূল লক্ষ্য ৷
ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উপ সচিব প্ৰীতিলেখা ডেকাই প্ৰতিখন জিলাৰ উপায়ুক্তলৈ এক পত্ৰৰ জৰিয়তে এই অভিযান চলাবলৈ আহ্বান জনাইছে ৷ ৷বিভাগটোৱে বচপন বচাঁও আন্দোলনৰ সহযোগত তথা আৰক্ষী,শ্ৰম বিভাগআৰু আন আন এনজিঅ’ৰ সহায়ত শিশু শ্ৰমিক উদ্ধাৰ অভিযান চলাব ৷ এই সন্দর্ভত গ্ৰহণ কৰা পদক্ষেপ সন্দর্ভত অৱগত কৰিবলৈ এজন বিষয়াক দায়িত্ব অর্পন কৰিবলৈয়ো পত্ৰখনৰ জৰিয়তে উপায়ুক্তক আহ্বান জনোৱা হৈছে ৷ সংশ্লিষ্ট বিষয়াজনে গ্ৰহণ কৰা ব্যৱস্থা সন্দর্ভত দাখিল কৰিব লাগিব প্ৰতিবেদন ৷