মাহিলী ৪৫ হেজাৰ টকা দৰমহা পোৱা এজন কর্মচাৰীৰ কিমান টকাৰ সম্পত্তি থাকিব পাৰে ? হয়তো সেই পৰিমান কেইবা লক্ষাধিক হ’ব পাৰে ৷ কিন্তু তেনে এজন কর্মচাৰীৰ কোটি কোটি টকা সম্পত্তিৰ অধিকাৰী কেনেদৰে হ’ল ? এজন সাধাৰণ ষ্ট’ৰ কিপাৰৰ সম্পত্তিৰ পৰিমাণ দেখি থতমত খাবলগীয়া হ’ল লোকায়ুক্ত আৰক্ষী।
আছফাক আলী ভূপালৰ স্বাস্থ্য বিভাগত ষ্ট’ৰ কিপাৰ হিচাপে কৰ্মৰত আছিল। অৱসৰৰ সময়ত তেওঁৰ দৰমহা আছিল ৪৫ হাজাৰ টকা। শেহতীয়াকৈ লোকায়ুক্ত আৰক্ষীয়ে আছফাকৰ ঘৰত তালাচী অভিযান চলাইছিল। তালাচীৰ সময়ত আৰক্ষীয়ে আছফাকৰ ঘৰৰ পৰা ৪৬ লাখ টকাৰ সোণ, ৰূপ আৰু নগদ ধন উদ্ধাৰ কৰে।
লোকায়ুক্তৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, আছফাকৰ এটা বৃহৎ বিলাসী ঘৰ আছে। ঘৰটোত দামী আচবাব আছে। এই তালাচী অভিযানত তদন্তকাৰীসকলো স্তম্ভিত হৈ পৰিছে। এজন তদন্তকাৰীয়ে কয় যে কম দৰমহা পোৱা চৰকাৰী কৰ্মচাৰী এজনে এই বিশাল সাম্ৰাজ্য কেনেকৈ গঢ়ি তুলিছিল সেই বিষয়ে চোৱাচিতা কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি আছফাকে ৰাজগড় জিলা চিকিৎসালয়ত ষ্ট’ৰ কিপাৰ হিচাপে কৰ্মৰত আছিল।
এজন তদন্তকাৰী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, আছফাকৰ সম্পত্তিৰ সন্ধান কেইবাটাও স্থানত পোৱা গৈছে। আয়ৰ সামঞ্জস্য নহোৱা সম্পত্তিৰ পৰিমাণ ১০ কোটি টকাতকৈ অধিক। তাৰ ভিতৰত আছফাকৰ পত্নী, পুত্ৰ-কন্যাৰ নামত অধিক সম্পত্তি আছে। বিলাসী বাসগৃহটোৰ বাহিৰেও আছফাকৰ আন চাৰিটা ঘৰৰ তথ্য লাভ কৰিছে তদন্তকাৰীয়ে। ইয়াৰ উপৰিও ১৪ হাজাৰ বৰ্গফুটৰ এটা শ্বপিং মল আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কেৱল এয়াই নহয়, আছফাকৰ লেটেৰীতো এখন স্কুল আছে। বিদ্যালয় ভৱনটো তিনিমহলীয়া ৷ ইতিমধ্যে আছফাকৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
কেৱল আছফাকেই নহয়, ইয়াৰ পূৰ্বে এজন অভিযন্তাৰ বিশাল সম্পত্তি লোকায়ুক্ত আৰক্ষীয়ে জব্দ কৰিছিল। ৩০ হাজাৰ টকা দৰমহা পোৱা হেমা মীনা নামৰ অভিযন্তাগৰাকীৰ ঘৰৰ পৰা নগদ ৭ কোটি টকা উদ্ধাৰ। কেৱল সেয়াই নহয়, কেইবাখনো বিলাসী গাড়ী, এশৰো অধিক বিদেশী কুকুৰ, বিশাল ফাৰ্ম হাউচৰ গৰাকী আছিল তেওঁ ৷