শাৰদীয় দুৰ্গোৎসৱৰ আনন্দই মতলীয়া কৰিছে ৰাজ্যবাসীক ৷ গুৱাহাটীতো দুর্গোৎসৱৰ ব্যাপক উচাহ উদ্দীপনাই বিৰাজ কৰিছে ৷ কিন্তু ইয়াৰ মাজতে উৎসৱৰ আনন্দৰ নামত আৰম্ভ হৈছে অতপালি ৷ সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে ষষ্ঠীৰ নিশাই সংঘটিত হ’ল দুৰ্ঘটনা। নৱ নিৰ্মিত জুৰোড উৰণসেতুত সংঘটিত হৈছে এই দুৰ্ঘটনা।
উৰণ সেতুখনৰ গীতানগৰ দিশৰ পৰা অহা অংশ আৰু মূল উৰণসেতুখনৰ সংযোগস্থলীতে সংঘটিত হৈছে দূর্ঘটনা ৷দূর্ঘটনাৰ ফলত সেই স্থানত নিৰ্মাণ কৰা সুন্দৰ স্মাৰক ভাঙি যায় । অসমৰ মানচিত্ৰ আৰু ঐতিহ্যবহনকাৰী এই স্মাৰকটোতে প্ৰচণ্ড বেগেৰে আহি এখন বাহনে খুন্দা মাৰে। স্মাৰকটোৰ সৈতে স্থাপন কৰা ক্ষুদ্ৰ উদ্যানখনৰ ৰেলিঙ আৰু পকী অংশৰো ক্ষতি হৈছে।
জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত এই বাহনখন চানমাৰি দিশৰ পৰা তীব্ৰ বেগেৰে আহি স্মাৰকটোত খুন্দা মাৰে ৷ এই দুৰ্ঘটনাৰ পাছতে আৰক্ষীয়ে আটক কৰে চালকগৰাকীক।
আৰক্ষীৰ ভাষ্য অনুসৰি সুৰামত্ত অৱস্থাত আছিল চালকগৰাকী। আটক কৰা চালকজন ঘৰ হিমাচল প্ৰদেশত।বাহনখনৰ চালকৰ লগতে আৰক্ষীয়ে আন এজন আৰোহীকো আটক কৰিছে। দুৰ্ঘটনাটোৰ ফলত এগৰাকী গৃহৰক্ষী জোৱান আৰু আন এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
ইপিনে নিশাৰ ভাগত এখন ছানৰুফ থকা বাহনত কেইবাগৰাকীয়ো যুৱতীয়ে নৃত্য কৰি বিপদজনকভাৱে যাত্ৰা কৰাৰ দৃশ্যও ভাইৰেল হৈ পৰিছে ছছিয়েল মিডিয়াত ৷ ইতিমধ্যে বানখন চিনাক্ত কৰিছে আৰক্ষীয়ে ৷