বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰ হিচাপে নিউয়ৰ্কে হংকঙক অতিক্ৰম কৰিলে । শেহতীয়াকৈ কৰা এক সমীক্ষা অনুসৰি আমেৰিকাৰ যিখন চহৰত এজন ব্যক্তিয়ে প্ৰবাসী হিচাপে জীয়াই থাকিবলৈ আটাইতকৈ বেছি খৰচ কৰিবলগীয়া হয়, সেইখনেই হৈছে নিউয়র্ক।
লণ্ডনস্থিত বিত্তীয় গৱেষণা সংস্থা ইচিএ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা ২০২৩ চনৰ ‘কষ্ট অৱ লিভিং ৰেংকিং’ প্ৰতিবেদনত দাবী কৰা হৈছে যে মূল্যবৃদ্ধি আৰু গৃহ নিৰ্মাণৰ ব্যয় বৃদ্ধিৰ বাবে নিউয়ৰ্কে চীনৰ হংকং চহৰখনক অতিক্ৰম কৰিছে । যোৱা ডিচেম্বৰ মাহত প্ৰকাশিত প্ৰতিবেদনত হংকঙে প্ৰথম স্থান লাভ কৰিছিল। এইবাৰ দ্বিতীয় স্থানলৈ নামিছে চহৰখন।
নতুন প্ৰতিবেদন অনুসৰি এই তালিকাত তৃতীয় স্থানত আছে ছুইজাৰলেণ্ডৰ জেনেভা। খৰচৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে ব্ৰিটেইনৰ ৰাজধানী লণ্ডন। এছিয়াৰ আন এখন চহৰ ছিংগাপুৰ আছে পঞ্চম স্থানত । যোৱা বছৰ ছিংগাপুৰ ১৩ নম্বৰ স্থানত আছিল। প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰৰ তুলনাত বিশ্বৰ প্ৰধান চহৰসমূহত জীৱন-যাপনৰ ব্যয় যথেষ্ট বৃদ্ধি পাইছে। ইচিএ ইণ্টাৰনেশ্যনেলৰ বিত্তীয় বিশেষজ্ঞসকলৰ মতে মহামাৰীৰ লগতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱেই এই মূল্যবৃদ্ধিৰ কাৰণ।