সন্তানৰ বাবে মাতৃৰ বুকুৱে হৈছে পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত স্থান ৷ কিন্তু কিমান নিষ্ঠুৰ হ’লে এগৰাকী মাতৃয়ে নিজৰ সন্তানক ৰাজপথত এৰি যাব পাৰে ? তেনে এক নিষ্ঠুৰতাই প্ৰদর্শন কৰিছে ৰাজ্যৰে এগৰাকী মহিলাই ৷ মহিলা গৰাকী ৰূপহীহাটৰ গেৰেকী গাঁৱৰ চালেহা খাতুন বুলি জানিব পৰা গৈছে ৷
দুই সন্তানক এৰি মহিলা গৰাকীয়ে পলায়ন কৰা সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভিত। চিচিটিভি ফুটেজত দেখা পোৱা অনুসৰি মহিলা গৰাকীয়ে এখন গেটৰ সন্মুখত দুই সন্তানক থৈ পলায়ন কৰে।
জানিব পৰা মতে ৰূপহীহাটৰ গেৰেকী গাঁৱৰ আজিবুৰ ৰহমান নামৰ লোকজনে নিজৰ পত্নী চালেহা খাতুনসহ দুই সন্তানক লৈ গৈছিল দিল্লীলৈ।স্বামী-স্ত্ৰী কৰ্মেসূত্ৰে দিল্লীতে বাস কৰিছিল । দিল্লীৰ পৰাই পলায়ন কৰে মহিলাগৰাকীয়ে ।
চালেহাই পলায়ন কৰাৰ পাছতে স্বামী দুই সন্তানকলৈ বিপাঙত পৰিছে আৰু পত্নীক বিচাৰি হাবাথুৰি খাইছে। উপায়ন্তৰ হৈ ঘৰলৈ উভতি আহি ৰূপহীহাট আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। কিন্তু এতিয়ালৈকে মহিলাগৰাকীৰ সন্ধান ওলোৱা নাই ৷