স্থানীয় আশ্ৰমৰ এগৰাকী মহিলা পুৰোহিত আৰু তেওঁৰ তিনি পুত্ৰক নৰবলিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ওড়িশা আৰক্ষীয়ে। দেওবাৰে ওড়িশাৰ তুছাৰা গাঁৱত তালাচী চলাই তিনি পুত্ৰসহ ঋতঞ্জলি বাগ নামৰ মহিলা পুৰোহিতগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি চাৰিও অভিযুক্তই ৰোগ নিৰাময়ৰ নামত ১৪ বছৰীয়া কিশোৰ এজনক বলি দিছিল।
উল্লেখ্য যে পুত্ৰ নিৰুদ্দেশ হোৱাত মাতৃয়ে ওড়িশাৰ কিয়াকাট থানাৰ কাষ চাপিছিল। তেওঁ পুত্ৰই কেইবাদিনো ধৰি অসুস্থ অনুভৱ কৰি থকা বুলি আৰক্ষীক জনায়। পুত্ৰ সুস্থ নোহোৱাত ২২ জুলাইত পুত্ৰক লৈ গৈছিল ঋতঞ্জলি আশ্ৰমলৈ। মহিলাগৰাকীৰ মতে, ৰীতাঞ্জলিয়ে পুত্ৰৰ ৰোগ নিৰাময় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৰীতি-নীতি কৰি। মহিলা পুৰোহিতগৰাকীয়ে গোটেই ৰাতি এই ৰীতি-নীতি চলি থাকিব বুলি কৈ ১৪ বছৰীয়া যুৱকজনৰ মাতৃক সুকীয়া কোঠাত শুবলৈ নিৰ্দেশ দিয়ে।
পিছদিনা পুত্ৰক লগ কৰিবলৈ যায় যদিও মাতৃয়ে পুত্ৰক আশ্ৰমৰ ক’তো বিচাৰি নাপালে ৷ যাৰ পৰিপ্ৰেক্ষিতত থানালৈ গৈ মাতৃগৰাকীয়ে পুত্ৰ নিৰুদ্দেশ হোৱাৰ কথা সদৰী কৰে ৷ কিন্তু মহিলাগৰাকীৰ কাহিনী শুনাৰ পাছতো তাত থকা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আৰক্ষীৰ আচৰণত ক্ষুব্ধ হৈ গাড়ীত জুই লগাই দিয়ে স্থানীয় লোকসকলে ৷ ইয়াৰ পিছত মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে । বাৰিণী বনাঞ্চলত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় কিশোৰ জনৰ পচি যোৱা মৃতদেহ।
আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱকজনৰ মৃতদেহৰ তলৰ অংশ উদ্ধাৰ হোৱা নাই। ওপৰৰ অংশটো পচি গৈছিল। মৃতদেহটো উদ্ধাৰৰ পিছতে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয়। থানাৰ সমীপৰ ৰাস্তা ঘেৰি স্থানীয় লোকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ দোষী সাব্যস্ত হ’লে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে আৰক্ষীয়ে। ইয়াৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ আৰক্ষীয়ে জনোৱা মতে, মহিলা পুৰোহিতগৰাকী আৰু তেওঁৰ তিনি পুত্ৰক জেৰা কৰি আছে।