এইবাৰ সলনি হ”ব কালাপাহাৰৰ নাম ৷ অসমৰ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম গুৱাহাটী সমষ্টিৰ কালাপাহাৰৰ নাম সলনি কৰাৰ নিৰ্দেশ দিয়া বুলি সাংবাদিকক জানিবলৈ দিছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷
শীঘ্ৰে এই সন্দৰ্ভত বিধায়ক গৰাকী স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হ’ব৷ বিধায়ক গৰাকীয়ে কয় যে নতুন নামৰ ক্ষেত্ৰত ৰাইজৰ মতামতৰ ভিত্তিতহে নতুন নাম কি ৰখা হ’ব সেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷