শেহতীয়াকৈ চলচিত্ৰ জগতৰ বাবে আন এক দুখৰ সংবাদ ৷ এসপ্তাহৰ ভিতৰতে একেৰাহে তৃতীয়বাৰৰ বাবে আন এগৰাকী জনপ্ৰিয় অভিনেতাৰ মৃ্ত্যুত শোকত ম্ৰিয়মান চলচিত্ৰপ্ৰেমী। দীনেশ ফাডনিছ আৰু জুনিয়ৰ মেহমুদৰ পিছত জনপ্ৰিয় অভিনেতা ৰবীন্দ্ৰ বেৰ্দেৰ মৃত্যুৱে নমাইছে শোকৰ বন্যা।
আজি মুম্বাইত পাৰ্থিৱ শৰীৰ ত্যাগ কৰে ‘সিংহাম’ আৰু ‘নায়ক’ৰ দৰে ছবিত অভিনয় কৰি সমাদৰ লাভ কৰা ৰবীন্দ্ৰ আছিল হিন্দীৰ লগতে মাৰাঠী ভাষাৰ ছবিতো কাম কৰা প্ৰবীণ অভিনেতা লক্ষ্মীকান্ত বেৰ্দেৰ ভাতৃ ।
বিখ্যাত অভিনেতা গৰাকীয়ে ৭৮ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে ৷
ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ টাটা হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী ।
‘চি আই ডি’ৰ প্ৰখ্যাত অভিনেতা দীনেশ ফাদনিছ আৰু জুনিয়ৰ মেহমুদৰ পিছত চলচ্চিত্ৰ আৰু টিভি জগতত ই যেন তৃতীয়টো জোকাৰণি। উল্লেখনীয় যে এই তিনিওজন অভিনেতাই আছিল মাৰাঠী চলচ্চিত্ৰ জগতৰ এক অবিচ্ছেদ্য অংগ।
নিয়মীয়া চিকিৎসাৰ অন্তত দুদিন পূৰ্বে তেওঁক ঘৰলৈ অনা হৈছিল যদিও হৃদস্পন্দন বন্ধ হোৱাৰ ফলত নিজা বাসগৃহতে তেওঁৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত ৰবীন্দ্ৰ বেৰ্ডেয়ে পত্নী সহ দুই সন্তান, বোৱাৰী আৰু নাতি-নাতিনীক এৰি থৈ যায়।
লক্ষ্মীকান্ত আৰু ৰবীন্দ্ৰ বেৰ্দেয়ে বহু ছবিত একেলগে অভিনয় কৰিছে। তেওঁৰ চলচ্চিত্ৰ জীৱনত ৩০০ৰো অধিক মাৰাঠী ছবিত কাম কৰিছিল ৰবীন্দ্ৰ বেৰ্ডেয়ে । ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও সম্পৰ্ক আছিল তেওঁৰ। প্ৰবীণ অভিনেতা ৰবীন্দ্ৰ বেৰ্দেৰ মৃত্যুত সামাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰিছে বহুকেইগৰাকী জনপ্ৰিয় অভিনতা-অভিনেত্ৰীয়ে ।