VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১২৮ টা ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিৰ

এতিয়াৰ পৰা এমোক্সিচিলিনৰ এটা কেপচুলৰ সৰ্বোচ্চ মূল্য ২.১৮ টকা

voicedesk by voicedesk
January 19, 2023
in মুখ্য সংবাদ
১২৮ টা ঔষধৰ  সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ  নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিৰ
0
SHARES
42
VIEWS
Share on FacebookShare on Twitter

ঔষধৰ বৰ্ধিত মূল্যই ৰোগীসকলক বা তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগতে সাধাৰণ ৰাইজকো যথেষ্ট জলা-কলা খুৱাই আহিছে ৷ অৱশ্যে এই ক্ষেত্ৰত এইবাৰ ঔষধ ক্ৰেতা সকলৰ বাবে এক ভাল খবৰ ৷ ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰা এন. পি. পি. এ অৰ্থাৎ নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে ১২৮ টা ঔষধৰ মূল্যৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰিছে।

অৰ্থাৎ এতিয়াৰ পৰা কোম্পানীয়ে এই ঔষধবোৰ ইয়াতকৈ বেছি দামত বিক্ৰী কৰিব নোৱাৰিব।এই সন্দৰ্ভত  ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই এক অধিসূচনা জাৰি কৰি কয় যে তালিকাত অন্তৰ্ভুক্ত  ১২৮বিধ  ঔষধ প্ৰস্তুত কৰা কোম্পানীয়ে চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যত নিজৰ সামগ্ৰী বিক্ৰী কৰিব লাগিব।ইতিমধ্যে  এন.পি.পি.এ.ই ১২৮টা এন্টিবায়’টিক আৰু এন্টিভাইৰেল প্ৰস্তুতিৰ মূল্য সংশোধন কৰিছে। ইয়াৰ ভিতৰত এমোক্সিচিলিন, ক্লেভুলেনিক এচিড, এন্টিবায়’টিক বেজী, ভ্যাংক’মাইচিন, হাঁপানীত ব্যৱহৃত ছালবুটামল, কেন্সাৰ ঔষধ ট্ৰাষ্টুজুমেব, বিষ নিৰাময়কাৰী আইবুপ্ৰ’ফেন আৰু জ্বৰৰ ঔষধ পেৰাচিটামল আদি উল্লেখযোগ্য।

নিউজ ১৮ হিন্দীৰ এক প্ৰতিবেদন  অনুসৰি এই অধিসূচনাত উল্লেখ কৰা হৈছে যে এমোক্সিচিলিনৰ এটা কেপচুলৰ সৰ্বোচ্চ মূল্য ২.১৮ টকা, চিট্ৰিজেনৰ এটা টেবলেটৰ সৰ্বোচ্চ মূল্য  ১.৬৮ টকা আৰু ইবুপ্ৰফেনৰ এটা টেবলেট ১.০৭ টকাত বিক্ৰী কৰা হ’ব। অৰ্থাৎ এই ঔষধসমূহ এন. পি. পি. এ.য়ে নিৰ্ধাৰণ কৰা সৰ্বোচ্চ মূল্যতকৈ কম মূল্যত বিক্ৰী কৰিব পাৰিব। কোনো কাৰণতে এই সৰ্বোচ্চ পৰিমাণতকৈ অধিক ধন ল’ব নোৱাৰিব।

পূৰ্বে  ৬৫০ মিলিগ্ৰামৰ পেৰাচিটামল টেবলেটৰ সৰ্বোচ্চ মূল্য আছিল ২.৩০ টকা, যিটো এতিয়া ১.৮০ টকা  কৰা হৈছে। একেদৰে পেৰাচিটামল কম্বিনেচন থকা ঔষধৰ দামো হ্ৰাস কৰা হৈছে। একেদৰে এমোক্সিচিলিন আৰু পটাছিয়াম ক্লেভুলেনেটৰ সংমিশ্ৰিত ঔষধৰ মূল্য ২২.৩ টকাৰ পৰা ১৬.৮ টকালৈ হ্ৰাস কৰা হৈছে। পূৰ্বে মক্সিফ্ল’ক্সাচিন ৪০০ মিলিগ্ৰামৰ মূল্য ৰেহাইৰ পিছত ৩১.৫ টকাত বিক্ৰী হৈছিল, এতিয়া এই ঔষধৰ সৰ্বোচ্চ মূল্য হ’ব ২২.৮ টকা। একে সময়তে ডায়েবেটিছৰ ঔষধৰ মূল্য  হ্ৰাস কৰাৰ প্ৰচেষ্টাও কৰা হৈছে।

বিজনেছ ষ্টেণ্ডাৰ্ডৰ তথ্য অনুসৰি এন পি পি এয়ে ১২টা অধিসূচিত কম্বিনেচনৰ সৈতে ঔষধৰ খুচুৰা মূল্যও নিৰ্ধাৰণ কৰিছে। অধিসূচনা অনুসৰি ডায়েবেটিছত ব্যৱহৃত গ্লিমেপিৰাইড, ভগ্লিব’জ আৰু মেটফৰ্মিনৰ সংমিশ্ৰণ থকা টেবলেটৰ সৰ্বোচ্চ মূল্য ১৩.৮৩ টকা নিৰ্ধাৰণ কৰা হৈছে। একেদৰে পেৰাচিটামল, ফেনাইলফ্ৰিন হাইড্ৰক্লৰাইড, ডাইফেনহাইড্ৰামাইন হাইড্ৰক্লৰাইড আৰু কেফেইন কম্বিনেচন যুক্ত ঔষধৰ খুচুৰা মূল্য ২.৭৬ টকা নিৰ্ধাৰণ কৰা হৈছে।

 

Previous Post

১১ আগষ্টত নেটফ্লিক্সত মুক্তি লাভ কৰিব আলিয়া ভাটৰ প্ৰথমখন হলিউড ছবি ‘হাৰ্ট অৱ ষ্টোন’এ

Next Post

ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘

ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ 'জোনবিল মেলা '

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7