ঐতিহ্যমণ্ডিত ডিগবৈ বিধানসভা সমষ্টিৰ অন্তগৰ্ত জৈৱ-বৈচিত্যৰে মনোমোহা প্ৰকৃতিৰ বিনন্দীয়া সোণালী পৰস ইতিহাসবিজড়িত ডিব্ৰু নদীৰ বাকৰিত যোৱা ১জানুৱাৰীৰ পৰা আৰম্ভ হোৱা তৃতীয় বাৰ্ষিক “নাজিৰাটিং তামুলী পৰ্যটন মহোৎসৱ” ৰ আজি তৃতীয়দিনা মুকলি সভাত উপস্থিত থাকে অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱ৷৷৷
উক্ত অনুষ্ঠানৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী মহোদয়ে গ্রাম্য অৰ্থনীতি সৱল কৰাৰ উদ্দেশ্যেৰে থলুৱা খাদ্য সামগ্রীৰ বিপণীৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰৰে ডিগবৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সুৰেন ফুকন দেৱৰ ইতিবাচক পদক্ষেপক শঁলাগ লোৱাৰ লগতে এই মহোৎসৱে অসম পৰ্যটন ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু অনাগত দিনত অসম চৰকাৰে ডিব্ৰু নদীৰ গৰাখহনীয়া প্ৰতিৰোধ ও উন্নতমানৰ পকীপথ নিৰ্মান কৰি অঞ্চলটোক উন্নয়নৰ নৱৰেঙনীৰে পোঁহৰাৱ বুলি মতপোষণ কৰে৷৷৷