ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ বাবে জনতা ভৱনত এতিয়াৰে পৰা থাকিব সুকীয়া ভৱন ৷ আজি মুখ্যমন্ত্ৰীৰ নতুন ভৱন মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷
ইয়াৰ লগে লগে নতুনকৈ নিৰ্মাণ কৰা অট্টালিকালৈ স্থানান্তৰ কৰা হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই নতুন কাৰ্যালয়টো । জনতা ভৱনৰ চি ব্লকৰ সমীপত পৃথকে নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয়টো। পাঁচ মহলীয়া আটক ধুনীয়া ব্লকৰ নাম ৰখা হৈছে লোকসেৱা ভৱন ৷
একেটা ব্লকত সংলগ্ন হৈ থাকিব মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যালয়। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থাকিব অতিথিশালা, সভাগৃহ । কৃষি মন্ত্ৰী অতুল বৰাসহ কেবিনেট মন্ত্ৰীসকল এই কার্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে ৷
এই ভৱন মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় –“জনতা ভৱনত নতুন ব্লক আই ব্লক নির্মাণ কৰা হৈছে ৷ আৰু এটা নতুন ব্লকৰ কাম চলি আছে ৷ ছমাহৰ ভিতৰত নতুন ব্লকটোৰ নির্মাণ সম্পূর্ণ হ’ব ৷ নতুন ভৱনটোত মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবে কাম কৰিব ৷ অহা ৫-১০ বছৰৰ ভিতৰত অসম সচিবালয়ক নতুন ৰূপ দিবলৈ চেষ্টা কৰা হ’ব ৷ যাতে ইয়াত যিসকল মন্ত্ৰী বিষয়াই যিখিনি অসুবিধা পাই আছে সেয়া দূৰ হয় আজিলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ নিজা কার্যালয় নাছিল ৷ গৃহ বিভাগৰ সচিবালয়ৰ পৰাই কাম কাজ চলি আছিল ৷ কেবিনেট মন্ত্ৰী বা বাহিৰৰ পৰা অহা অতিথিক সাক্ষাতৰ বাবে সুকীয়া ব্যৱস্থা নাছিল ৷“