বিক্ৰম মিশ্ৰীক ভাৰতৰ নতুন বৈদেশিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে । সোমবাৰে তেওঁ দায়িত্ব গ্ৰহণ কৰে। ১৯৮৯ বেচৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া বিক্ৰম মিশ্ৰী ২০২২ চনৰ পৰা উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পদত অধিষ্ঠিত হৈ আছে।
কূটনৈতিক মহলত ‘চীন বিশেষজ্ঞ’ হিচাপে পৰিচিত বিক্ৰমে ২০১৯-২০২১ চনলৈ বেইজিঙত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ ১৫ জুনত পূব লাডাখৰ গালৱান উপত্যকাত অনুপ্ৰৱেশ কৰা চীনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ২০ জন ভাৰতীয় সৈনিকৰ মৃত্যুৰ পিছত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত কূটনৈতিক পৰ্যায়ত উত্তেজনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ।
১৯৬৪ চনত শ্ৰীনগৰৰ কাশ্মীৰী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল বিক্ৰমৰ। গোৱালিয়ৰৰ সিন্ধিয়া স্কুল আৰু দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল তেওঁ । দেশৰ তিনিজন প্ৰধানমন্ত্ৰী – আই কে গুজৰাল, মনমোহন সিং আৰু নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সচিব হিচাপে কাম কৰাৰ বিৰল অভিজ্ঞতা তেওঁৰ আছে। চীনৰ উপৰিও বিক্ৰমে স্পেইন আৰু ম্যানমাৰত ভাৰতীয় ৰাষ্ট্ৰদূতৰ দায়িত্বও পালন কৰি আহিছে।