ব্ৰিটিছ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময়ৰ ৰাণী এলিজাবেথৰ বৃহস্পতিবাৰে তেওঁৰ স্কটিছ হাইলেণ্ডত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ । ৰাণী এলিজাবেথৰ মৃত্যুৰ লগে লগে সমগ্ৰ ব্ৰিটেইনতে শোকৰ ছাঁ পৰিছে ৷ লগে লগে তেওঁ এৰি যোৱা ৰাজ সিংহাসনৰ উত্তৰাধিকাৰী কোন হ’ব তাক লৈয়ো উৎকণ্ঠা বৃদ্ধি পাইছে ৷
ৰাণী এলিজাবথৰ চাৰিটা সন্তানৰ ভিতৰত বৰ পুত্ৰ ৱেলছৰ ৰাজকুমাৰ ব্ৰিটিছ ইতিহাসৰ আটাইতকৈ বয়সস্থ উত্তৰাধিকাৰী ৭৩ বছৰীয়া চাৰ্লছ লগে লগে ৰজা হিচাপে বিবেচিত হৈছে । ৰাজপৰিয়ালৰ বিষয়াসকলে নিশ্চিত কৰে যে তেওঁক এতিয়া তৃতীয় চাৰ্লছ ৰজা নামেৰে জনাজাত হ’ব ৷ ১৬৮৫ চনৰ পিছত সিংহাসনত বহা এই নামৰ প্ৰথমজন ৰজা হ’ব চার্লছ।
ৰজাৰ পত্নীয়ে সাধাৰণতে ৰাণী উপাধি ধাৰণ কৰে। কিন্তু চার্লছৰ পত্নী কেমিলাৰ ক্ষেত্ৰত এক ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰা হৈছিল ৷ ২০০৫ চনত চাৰ্লছৰ সৈতে বিয়াৰ সময়ত চুক্তি কৰা হৈছিল যে তেওঁ ৰাণী হিচাপে নহয়, ৰাজকুমাৰী হিচাপেহে পৰিচিত হ’ব। শেহতীয়াকৈ অৱশ্যে ৰাণীয়ে ঘোষণা কৰিছিল যে তেওঁ আশা কৰিছে যে চাৰ্লছ ৰজা হ’লে কেমিলা কুইন কনচৰ্ট হিচাপে পৰিচিত হ’ব, যাৰ ফলত তেওঁৰ ভৱিষ্যত উপাধিক লৈ চলি থকা দীঘলীয়া বিতৰ্কৰ সমাধান হ’ব।
ৰাজকুমাৰ উইলিয়ামক সম্ভৱতঃ ৱেলছৰ ৰাজকুমাৰ হিচাপে দায়িত্ব অর্পণ কৰা হ’ব ৷ তেওঁৰ পত্নী কেট মিডলটন ৱেলছৰ ৰাজকুমাৰী হোৱাৰ সম্ভাৱনা আছে। ৰাণীৰ মৃত্যুৰ পূৰ্বে ৰাজকুমাৰ উইলিয়ামে কেম্ব্ৰিজৰ ড্যুক উপাধি লাভ কৰিছিল। ‘প্ৰিন্স অৱ ৱেলছ’ উপাধিটো উত্তৰাধিকাৰীৰ বাবে সংৰক্ষিত যিটো বৰ্তমান ৰজা চাৰ্লছৰ হাতত আছিল।
তাৰ পিছত ৰাজকুমাৰ উইলিয়াম আৰু কেট মিডলটনৰ ডাঙৰ সন্তান ৰাজকুমাৰ জৰ্জ (৯), আৰু তাৰ পিছত ৰাজকুমাৰী চাৰ্লট (৭) আৰু ৰাজকুমাৰ লুইছ (৪) ৰাজ সিংহাসনৰ উত্তৰাধিকাৰী হ’ব ৷
ৰাজকীয় কৰ্তব্যৰ প্ৰত্যাহাৰ কৰি পত্নী মেঘান মাৰ্কলৰ সৈতে আমেৰিকালৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতো ৰাজপাটৰ পঞ্চম উত্তৰাধিকাৰীৰ স্থানত আছে ৰাজকুমাৰ হেৰী। দোষী সাব্যস্ত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে বন্ধুত্ব বিতৰ্কৰ বাবে পদত্যাগ কৰা ৰাণীৰ দ্বিতীয় পুত্ৰ ৰাজকুমাৰ এন্দ্ৰিউ ব্ৰিটিছ সিংহাসনৰ উত্তৰাধিকাৰীৰ শাৰীৰ অষ্টম স্থানত আছে।