কেইবাটাও চৰকাৰী কাৰ্য্যালয়, বেংক, কেইবাখনো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আক্ৰান্ত ক’ৰণাত । ৰঙিয়াত তীব্ৰ হাৰত বৃদ্ধি হৈছে কৰুণা ৰোগীৰ সংখ্যা । ৰঙিয়াৰ জধসাধাৰণে যদি ৰাজ্য চৰকাৰে বান্ধি দিয়া ক’ভিদ নিয়ম নামানে তেতিয়াহলে অধিক ভয়াৱহ হ’ব সমগ্র ৰঙিয়া । শেহতীয়াভাবে ৰঙিয়াৰ কেইবাখটাও চৰকাৰী কাৰ্য্যালয়ৰ কৰ্মচাৰী, বেংকৰ লগতে কেইবাখনো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আক্ৰান্ত হৈছে কৰুণাত । দুই এখন বিদ্যালয়ে এনে পৰিপেক্ষিতত পাঠদান কাৰ্য্যসূচী বাতিল কৰিছে ।
আনকি হ’বলগীয়া পৰীক্ষা সমুহ অনলাইন ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে । ইফালে ৰঙিয়াৰ দুখনকৈ স্বাস্থ্য কেন্দ্ৰত অব্যহত থকা ক’ভিদ পৰীক্ষাত পুৰ্বতকৈ তীব্ৰ হাৰত দৈনিক বৃদ্ধি পাবলৈ লৈছে কভিত পজেটিভ ব্যক্তিৰ সংখ্যা । গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে, ৰঙিয়া মহকুমাত অধিকাংশ পৰিয়ালতে সাধাৰণভাবে কাহ-জ্বৰ আদি বেমাৰত পৰা পৰিলক্ষিত হৈছে । এনেদৰে জ্বৰত আক্ৰান্ত হোৱা অধিকাংশ ব্যক্তিয়ে ক’ভিদ পৰীক্ষা নকৰি ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিছে ।
কভিতত আক্ৰান্ত হোৱাৰ ভয়তে হওঁক বা অন্য কাৰণতে হওঁক এনেদৰে নিজাববীয়াকৈ চিকিৎসা কৰা বিষয়টোৱে অধিক চিন্তাৰ কাৰণ হৈ পৰিছে । ক’ভিদৰ দ্ৰুতহাৰত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া অসামাৰীক চিকিৎসালয়ত স্বাস্থ্য বিভাগে ক’ভিদ পৰীক্ষাৰ বাবে অহা ৰোগী তথা সাধাৰণ ব্যক্তি সকলৰ বাবে সুন্দৰ ব্যৱস্থা কৰিছে । চিকিৎসা বিভাগে পেণ্ডেল আদি সজাই ক’ভিদ পৰীক্ষাৰ বাবে অহা ব্যক্তি সকলক সুবিধা প্ৰদান কৰা পৰীক্ষাত হৈছে ।