দুর্নীতি নিবাৰকৰ মাৰাথান অভিযানেও হ্ৰাস কৰিব পৰা নাই দুর্নীতিগ্ৰস্ত একাংশ চৰকাৰী কর্মচাৰীৰ লোভ ৷ নিতৌ দুর্নীতি নিবাৰকৰ জালত পৰিছে এজনৰ পাছত আন এজন চৰকাৰী কর্মচাৰী ৷ এইবাৰ দুর্নীতি নিবাৰকৰ জালত পৰিছে ঘোচখোৰ আৰক্ষী বিষয়া ৷ বৃহস্পতিবাৰে উৎকোচ লওতে হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে ডকমকা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক । ধৃত বিষয়াজন হৈছে সনৎ মুদৈ ৷
মুদৈৰ বিৰুদ্ধে মালবাহী ট্রাকৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । চিমেণ্ট কঢ়িওৱা ট্রাকৰ পৰা ধন আদায় সন্দর্ভত উত্থাপিত অভিযোগৰ ভিত্তিত অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখাই। আৰক্ষী বিষয়াগৰাকীৰ পৰা নগদ ধন জব্দ কৰা হৈছে ।
তেওঁক গ্ৰেপ্তাৰৰ পাছতে বিষয়াগৰাকীৰ চৰকাৰী আবাসতো দুর্নীতি নিবাৰকে অভিযান চলায় ৷চৰকাৰী আৱাসৰ পৰা নগদ ১৭ লাখ ৭৪ হাজাৰ ৫০০ টকা জব্দ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। প্ৰাপ্ত তথ্য অনুসৰি এখন ট্রাকৰ পৰা ৪ হাজাৰ টকা উৎকোচ লৈছিল সনৎ মুদৈয়ে। ট্রাকখনৰ পৰা মুদৈয়ে দাবী কৰিছিল ৪০ হাজাৰ টকা। কাৰ্বি আংলঙৰ ডকমকা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈছে মুদৈ ৷