আজিও অন্ধকাৰত ডুব গৈ আছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৰ পৈতৃক গাওঁ উপৰবেদা ৷ উৰিষ্যা চৰকাৰে শনিবাৰে উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৰ পৈতৃক গাওঁ উপৰবেদাৰ এটা অংশত অন্ধকাৰত থকা লোকসকলৰ বিষয়ে বাতৰি প্ৰকাশ পোৱাৰ পিছৰ পৰাই এতিয়া যুদ্ধৰ গতিত বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰা হৈছে গাঁওখনত ।
অৱশ্যে এতিয়া সেইখন গাঁৱত বাস নকৰে মূৰ্মুৱে। তেওঁ দশকৰ আগতে কুসুম খণ্ডৰ অন্তৰ্গত উপৰবেদাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা পৌৰ চহৰ ৰায়ৰংপুৰলৈ স্থানান্তৰিত হৈছিল।তথাপি তেওঁৰ জন্মস্থানত উপৰবেদাত আজিও বিদ্যুৎ সেৱা নথকাৰ বাতৰিয়ে হতাশ কৰিছে বহুজনক ৷
শেহতীয়াকৈ টাটা পাৱাৰ নৰ্থ উৰিষ্যা ডিষ্ট্ৰিবিউচন লিমিটেডৰ (টিপিএনওডিএল) বিষয়া আৰু কৰ্মীসকলে পৃথিৱী খনন যন্ত্ৰ, বৈদ্যুতিক খুটা আৰু ট্ৰেন্সফৰ্মাৰৰ সৈতে উপৰবেদালৈ গৈছিল । টিপিএনঅ’ডিএলৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, “আমি কোম্পানীটোৰ ময়ূৰভঞ্জ শাখাক বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ আৰু ২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ উপৰবেদা গাঁৱত বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছো।”
৩,৫০০ জনসংখ্যাৰ উপৰবেদা গাঁও দুটা চুবুৰীত বিভক্ত ৷ যদিও বদাচাহী অঞ্চলটোত সম্পূৰ্ণৰূপে বৈদ্যুতিকৰণ কৰা হৈছে , ডুংগুৰচাহীৰ ১৪ টা পৰিয়ালে এতিয়াও বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হোৱা নাই। বিষয়াজনে কয় যে বনভূমিত নিৰ্মাণ কৰা ঘৰবোৰৰ বাবে ডুংগুৰচাহীক বৈদ্যুতিকৰণ কৰা হোৱা নাছিল।
লগতে তেওঁ কয়, “গাওঁবাসীসকলক অন্ধকাৰত ৰখাৰ আমাৰ কোনো অভিপ্ৰায় নাই, কিন্তু কিছুমান চৰকাৰী অনুমোদনৰ অভাৱৰ বাবে এনে হৈছিল।” দ্ৰৌপদী মূৰ্মু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মনোনীত হোৱাৰ পিছত যেতিয়া সাংবাদিকসকল সেই গাঁৱৰ মানুহৰ সৈতে কথা পাতিবলৈ মূৰ্মুৰ জন্মস্থানত উপস্থিত হৈছিল তেতিয়া মূৰ্মুৰ গাঁৱৰ লোকসকল বিদ্যুতৰ অভাৱত অন্ধকাৰত থকাৰ কথাটো পোহৰলৈ আহিছিল।
মূৰ্মুৰ ভতিজা বিৰাঞ্চি নাৰায়ণ টুডু তেওঁৰ পত্নী আৰু দুই সন্তানৰ সৈতে ডুংগুৰচাহি অঞ্চলত বাস কৰে। বিৰাঞ্চিৰ পত্নীয়ে সাংবাদিকক কয় যে “আমি বহুলোকক আমাৰ ডুংগুৰচাহী অঞ্চলত বিদ্যুৎ যোগান ধৰিবলৈ অনুৰোধ জনাইছিলো। অৱশ্যে, কোনেও কোনো মনোযোগ দিয়া নাছিল’ ।
তেওঁ কৈছিল যে তেওঁলোকে বিষয়টো মূৰ্মুৰ দৃষ্টিগোচৰ কৰা নাই যদিও তেওঁ উৎসৱৰ সময়ত গাওঁখন ভ্ৰমণ কৰে। আনহাতে উপৰবেদা গাঁৱৰ আন এজন বাসিন্দা চিত্তৰঞ্জন বাস্কে কয় যে উক্ত বিষয়টো ২০১৯ চনত নিৰ্বাচনৰ সময়ত স্থানীয় বিধায়ক আৰু সাংসদকো অৱগত কৰা হৈছিল কিন্তু তথাপি একো লাভ হোৱা নাছিল ।
তেওঁ কৈছিল যে গাওঁখনৰ মানুহে তেওঁলোকৰ ঘৰবোৰ পোহৰাবলৈ কেৰাচিনৰ চাকি ব্যৱহাৰ কৰে। অৱশ্যে বৰ্তমান সময়ত তেওঁলোকৰ মাজৰে এজনে ৰাষ্ট্ৰপতি ভৱন দখল কৰাৰ সম্ভাৱনা থকাৰ বাবে গাওঁবাসী উৎফুল্লিত হৈ পৰিছে।
উল্লেখযোগ্য যে উপৰবেদা গাঁও দ্ৰৌপদী মূৰ্মুৰ লগতে প্ৰাক্তন সাংসদ চালখান মূৰ্মু, ভবেন্দ্ৰ মাঝি আৰু প্ৰাক্তন মন্ত্ৰী কাৰ্তিক মাঝিৰ দৰে নেতাৰো জন্মস্থান। চৰকাৰী সূত্ৰই কৈছিল যে ময়ূৰভঞ্জ জিলাত ৫০০ খন গাওঁ আছে য’ত এটা ভাল পথ নাই আৰু ১৩৫০ খন গাঁৱত আজি পৰ্যন্ত নাই বিদ্যুৎ যোগান ।