নিজৰ সকলো সম্পত্তি পুত্ৰ-কন্যাৰ পৰিৱর্তে পোহনীয়া জন্তুৰ ৰ নামত লিখি দিয়া এক ঘটনাই চীনত চর্চা লাভ কৰিছে ৷ চীনৰ বাসিন্দা লিউৱে নিজৰ দলিলত স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁৰ সম্পত্তিৰ কোনো অংশ তেওঁৰ সন্তানক দিয়া নহ’ব। বৰঞ্চ তেওঁৰ ২৩কোটি টকাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব পোহনীয়া জন্তু ৷
কিন্তু এই কাম কৰাৰ আঁৰতো আছে এক কাহিনী ৷ পুত্ৰ-কন্যা কেতিয়াও মহিলা গৰাকীৰ কাষত থকা নাই ৷ যাৰ বাবে তেওঁ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কেইবাবছৰ আগতে লিউৱে সকলো সম্পত্তি পুত্ৰ-কন্যাৰ নামত লিখি দিছিল। কিন্তু শেহতীয়াকৈ তেওঁ নিজৰ নথিখনত ডাঙৰ পৰিৱৰ্তন কৰে। অসুস্থতাৰ সময়ত লিউৰ কাষলৈ এবাৰো অহা নাছিল পুত্ৰ-কন্যা ৷ গতিকে হতাশা আৰু খঙত তেওঁ জীৱনৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
লিউৱে নথিখনত উল্লেখ কৰিছে যে তেওঁৰ পৰিয়ালৰ কোনো সদস্য নাই, গতিকে তেওঁৰ প্ৰায় ২৩ কোটি টকাৰ সম্পত্তি পোহনীয়া মেকুৰীৰ পোৱালি আৰু কুকুৰ পোৱালিৰ নামত থাকিব। এই ধন তেওঁৰ মৃত্যুৰ পিছত পোহনীয়া জন্তুবোৰৰ যত্ন আৰু লালন-পালনত ব্যৱহাৰ কৰা হ’ব। ছ’চিয়েল মিডিয়াত মহিলাগৰাকীয়ে নিজৰ নতুন নথিখনৰ বিষয়ে সকলোকে অৱগত কৰে ৷
কিন্তু চীনৰ আইন অনুসৰি পোহনীয়া জন্তুৱে কোনো সম্পত্তিৰ মালিক হ’ব নোৱাৰে। গতিকে বহুতে মহিলাগৰাকীক নথিখনত সামান্য পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিছে ৷