নোবেল বঁটা লাভ কৰা আটাইতকৈ বয়সীয়াল বিজ্ঞানী গৰাকীৰ দেহাৱসান ঘটিছে ৷ লিথিয়াম আয়ন বেটাৰীৰ অন্যতম পথ প্ৰদৰ্শক জন গুডেনাফৰ মঙলবাৰে মৃত্যু হয়। ২০১৯ চনত ৯৭ বছৰ বয়সত আমেৰিকাৰ বিজ্ঞানী জন গুডেনাফে আন দুজন বিজ্ঞানীৰ সৈতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ। টেক্সাছ বিশ্ববিদ্যালয়ে এক বিবৃতিৰ জৰিয়তে তেওঁৰ মৃত্যুৰ কথা সদৰী কৰিছে ৷ নব্বৈ বছৰ বয়স হোৱাৰ পিছতো তেওঁ সেই বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। অষ্টিনৰ এখন নাৰ্চিং হোমত গুডেনাফৰ মৃত্যু হয়।
গুডইনাফ আছিল ৰিচাৰ্জেবল বেটাৰীৰ অন্যতম পথ প্ৰদৰ্শক, যিটো ধৰণৰ লিথিয়াম-আয়ন বেটাৰী, ইলেক্ট্ৰিক গাড়ীৰ পৰা আৰম্ভ কৰি মোবাইল ফোন বা লেপটপলৈকে বেতাঁৰ ইলেক্ট্ৰনিক ডিভাইচ চাৰ্জ কৰিবলৈ প্ৰয়োজনীয়। গুডেনাফে জাপানী বিজ্ঞানী আকিৰা যোছিনো আৰু ব্ৰিটিছ বিজ্ঞানী ষ্টেনলি হুইটিংহামৰ সৈতে গৱেষণা কৰি এই বেটাৰীটো আৱিষ্কাৰ কৰিছিল, যাৰ ফলত পিছলৈ সমগ্ৰ বিশ্বৰ উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰখন সলনি হৈ পৰিছিল। কেৱল উন্নত দেশেই নহয়, অনুন্নত বা উন্নয়নশীল দেশৰ কোটি কোটি লোকো এতিয়া এই তিনিজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা বেটাৰীৰ দ্বাৰা উপকৃত হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে এই তিনিজন বিজ্ঞানীক নোবেল বঁটা প্ৰদান কৰাৰ সময়ত কৈছিল, ‘তেওঁলোকে আচলতে এখন ৰিচাৰ্জযোগ্য পৃথিৱী গঢ়ি তুলিছে’।
নোবেল বঁটাৰ খবৰ পোৱাৰ লগে লগে গুডেনাফে কয়, “মোৰ উদ্ভাৱনক সমগ্ৰ বিশ্বতে যোগাযোগ স্থাপনৰ বাবে ব্যৱহাৰ কৰা দেখি মই আপ্লুত হৈছো। আমি সম্পৰ্ক গঢ়ি তোলা উচিত। যুদ্ধ নহয়।”