অস্ত্ৰোপচাৰৰ মাজতে সমগ্ৰ চিকিৎসালয়খন কঁপি উঠিল। অপাৰেচন থিয়েটাৰৰ মেচিনবোৰ কঁপিবলৈ আৰম্ভ কৰিছে । লগে লগে চিকিৎসকলসকলে অনুভৱ কৰিলে যে শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে ৷ অধাতে অস্ত্ৰোপচাৰ এৰি তেওঁলোক আতৰিও যাব নোৱাৰে ৷ তেনে সময়তে কর্তন কৰা হ’ল বিজুলী ৷ বিমোৰত পৰা চিকিৎসকে কিন্তু আশা এৰি নিদিলে ৷ তেনে পৰিস্থিতিৰ মাজতে সম্পন্ন কৰিলে এগৰাকী গর্ভৱতী মহিলাৰ সফল অস্ত্ৰোপচাৰ ৷
শেহতীয়াকৈ অস্ত্ৰোপচাৰ কক্ষৰ এই ভিডিঅ’টো পোহৰলৈ আহিছে। এই ভিডিঅ’টো জম্মু-কাশ্মীৰৰ অনন্তনাগৰ মুখ্য স্বাস্থ্য বিষয়া (চিএমঅ’)ৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছে। সেই টুইটাৰত দাবী কৰা হৈছে যে এই ঘটনা সংঘটিত হৈছে অনন্তনাগৰ বিজবেহৰা সদৰ চিকিৎসালয়ত। মঙলবাৰে নিশা দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰত কঁপি উঠিল। জম্মু-কাশ্মীৰৰ বহু ঠাইত কম্পন অনুভূত হয়। তাৰ ভিতৰত আছিল অনন্তনাগ।
ভূমিকম্পৰ সময়ত বিজবেহৰাৰ চৰকাৰী চিকিৎসালয়ত প্ৰসূতিৰ অস্ত্ৰোপচাৰ চলি আছিল। হঠাৎ অস্ত্ৰোপচাৰৰ মাজতে ভূমিকম্পই কপাঁই তোলে । ৰোগীগৰাকী আৰু তেওঁৰ নৱজাত সন্তানৰ জীৱন বিপদত পৰিব পাৰে বুলি ভয় কৰি চিকিৎসকে ভূমিকম্পক আওকাণ কৰি অস্ত্ৰোপচাৰ অব্যাহত ৰাখিলে। এজন চিকিৎসকে সেই মুহুর্তত কয় “শিশুৰ কোনো ক্ষতি হ’ব নালাগে।” ইয়াৰ পিছত সমগ্ৰ অস্ত্ৰোপচাৰ কক্ষ অন্ধকাৰত ডুব যায় ৷
অনন্তনাগ জিলা স্বাস্থ্য বিভাগে সেই ভিডিঅ’টো প্ৰকাশ কৰি কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈও চিকিৎসকসকলে শীতল মস্তিষ্কৰে কাম কৰিছে। তেওঁলোকৰ কর্তব্যপৰা্যন সঁচাকৈয়ে প্ৰশংসনীয়।