মণিপুৰৰ ঘটনাক লৈ বিৰোধী দলসমূহে বুধবাৰে সংসদত অনাস্থা প্ৰস্তাৱ দাখিল কৰিছে । এই পৰিবেশতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুৰণি ভাষণৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ য’ত ভিডিঅ’ত প্ৰধানমন্ত্ৰীয়ে সংসদত থিয় হৈ ২০২৩ চনত বিৰোধীয়ে পুনৰ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ “সুযোগ পাব” বুলি কোৱা দেখা গৈছে। এই ভিডিঅ’টো টুইট কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। আজি বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱ লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও আলোচনাৰ বাবে গ্ৰহণ কৰিছে। অৱশ্যে এই বিষয়টো কেতিয়া আলোচনা কৰা হ’ব, পিছত এই বিষয়ে অৱগত কৰা হ’ব বুলি জনোৱা হৈছে।
২০১৯ চনৰ ৭ ফেব্ৰুৱাৰীত লোকসভা নিৰ্বাচনৰ ঠিক আগতে সংসদৰ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণক লৈ বিতৰ্ক হৈছিল। সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি মোডীয়ে ভাষণত কৈছিল, ‘মই (আপোনাক) অভিনন্দন জনাব বিচাৰো। সাজু থাকক, কাৰণ ২০২৩ চনত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ আৰু এটা সুযোগ পাব।” সেইদিনা কংগ্ৰেছৰ নাম নোলোৱাকৈ দিয়া ভাষণত মোডীয়ে কৈছিল, “অহংকাৰৰ বাবেই আপোনালোক ৪০০ (লোকসভাৰ সাংসদ)ৰ পৰা ৪০ জনলৈ নামি আহিছে।” এই ভিডিঅ’টোক প্ৰচাৰ কৰি বিজেপিয়ে মোডীৰ ‘সঠিক ধাৰণা’ক প্ৰশংসা কৰিছে। কিন্তু ৰাজনীতিবিদৰ এটা অংশই ভাবে যে চাৰি বছৰ পূৰ্বে সংসদত সেই ভাষণ দি মোডীয়ে বিৰোধী দললৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ক্ষমতালৈ অহাটো নিশ্চিত। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীয়ে পুনৰ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে বুলিও তেওঁ ইংগিত দিয়ে।
চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিয়ে ২০১৮ চনত মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আগবঢ়াইছিল। আন বিৰোধী বিজেপি দলসমূহে তেওঁলোকৰ এই প্ৰস্তাৱক সমৰ্থন কৰে। বিৰোধীয়ে অনা প্ৰস্তাৱ বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ বাবে নাকচ কৰা হয়। বুধবাৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিৰোধী দলৰ মিত্ৰজোঁট ‘ভাৰত’ৰ হৈ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। বি আৰ এছৰ হৈ অবিশ্বাস প্রস্তাৱ দাখিল কৰে সাংসদ নমা নাগেশ্বৰ ৰাৱে।