আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰিয়ালৰ পৰা প্ৰত্যাহাৰ কৰা সুৰক্ষা পুনৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পৰেশ বৰুৱাৰ বাসগৃহৰ হাউছ গাৰ্ড আৰু তেওঁৰ ভাতৃৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী দুদিন পূর্বে প্ৰত্যাহাৰ কৰা হৈছিল ৷ ইয়াকে লৈ ৰাজ্যৰ সর্বত্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই প্ৰতিক্ৰিয়াৰ পিছতে ৰাজ্যৰ গৃহ বিভাগে আলফা (স্বাধীন)ৰ মুৰব্বীৰ জেৰাইগাঁৱস্থিত বাসগৃহত চৰকাৰী নিৰাপত্তাৰক্ষী পুনৰ নিয়োগ কৰে ৷
শেহতীয়াকৈ নিয়োজিত ডিব্ৰুগড় আৰক্ষীৰ চাৰিজনকৈ নিৰাপত্তাৰক্ষীক প্ৰত্যাহাৰ কৰিছিল গৃহ বিভাগে। শীর্ষ বিষয়াৰ নিৰ্দেশত তেওঁৰ ভাতৃৰ বাসগৃহত সুৰক্ষাৰ দায়িত্ব পালন কৰা হাউছ গার্ড তথা পিএছঅ’ কেইজনক হেডকোৱাৰ্টাৰলৈ ওভতি আহিবলৈ নির্দেশ দিষিল ৷ মঙলবাৰেই তেওঁলোক টালি-টোপোলা বান্ধি সদৰলৈ ৰাওনা হৈছিল। কিন্তু আলফা স্বাধীনৰ মুৰব্বীগৰাকীৰ কনিষ্ঠ ভাতৃ বিকুল বৰুৱাই চৰকাৰে হঠাতে নিৰাপত্তাৰক্ষী প্রত্যাহাৰ কৰাৰ বিষয়টো সংবাদ মাধ্যমত ৰাজহুৱা কৰাত সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হয়।
এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে গুপ্তহত্যাকাৰীয়ে আলফা স্বাধীনৰ মুৰব্বীগৰাকীৰ ভাতৃ দীনেশ বৰুৱাক গুলীয়াই হত্যা কৰিছিল ৷ এনেধৰণৰ ঘটনাৰ মুখামুখি হোৱা পৰিয়ালটোৰ সুৰক্ষাৰ পৰা কোনো কাৰণ নজনোৱাকৈ আকস্মিকভাৱে নিৰাপত্তাৰক্ষী প্রত্যাহাৰ কৰাত বিভিন্নজনে চৰকাৰক সমালোচনা কৰিছিল।