সমগ্ৰ বিশ্বৰ বৌদ্ধিক- সাহিত্য- সংস্কৃতিৰ উত্তৰণৰ প্ৰধান কাৰখানাস্বৰূপ আড্ডাৰ
ইতিহাস প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পুৰণি । গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ আড্ডাই আছিল অন্যতম প্ৰধান মানৱ সভ্যতাৰ এক ঐতিহাসিক নিদৰ্শন ।
আজি গুৱাহাটী মহানগৰীৰ ৰূপনগৰৰ বিশিষ্ট চিন্তাবিদ, শিল্পী দেবেন্দ্ৰ নাথ বসুমতাৰীৰ বাসভৱনত “পৰাগজ্যোতি প্ৰকাশন” ৰ উদ্যোগত “ব’হাগৰ অন্তিমটো দিনত” এক নান্দনিক সাহিত্য-সংস্কৃতিৰ আড্ডা অনুষ্ঠিত হয় । বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতিৰ গীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা আড্ডাত সাহিত্যিক পেন্সনাৰ, “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- “১৮৮৮ চনত ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটত ( বৰ্তমান সূৰ্য সেন ষ্ট্ৰীট) ত আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাই আড্ডা পাতি অসমীয়া ভাষা-সাহিত্যক আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছিল । পিছলৈ চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, গুঞ্জানন বৰুৱাও এই আড্ডাত অংশীদাৰ হৈ অসমীয়া ভাষাক প্ৰতিষ্ঠাৰ হকে অশেষ পৰিকল্পনা কৰিছিল ।
“পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা আড্ডাত অংশ লৈ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠকে কয়- “বহু যোগাত্মক চিন্তাৰ ফচল আড্ডা । আড্ডাতে এজন ব্যক্তি উদ্ভাষিত হৈ পৰে । বৰ্তমান আমি জটিল সন্ধিক্ষণত আছোঁ । সাম্প্ৰতিক সময়ত সৰ্বাধিক সংখ্যক মানুহৰ মাজত একতাৰ অভাৱ ঘটিছে । আড্ডাৰে একতাৰ অভাৱ দূৰ কৰিব লাগে লাগিব ।” আন্তৰ্জাতিক খ্যাতিসম্পন্ন কবি- সাহিত্যিক দিলস্ লক্ষ্মীন্দ্ৰ সিংহই কয়- “সৌ তাহানিতে ঋষি-মুনিসকলে আড্ডা পাতি কিদৰে দস্যু-দানৱক পুলিয়ে-পোখাই উভালি পেলাব পাৰি, তাৰ আলোচনা কৰিছিল । আড্ডাই মানুহ গঢ়াৰ কমাৰশাল সৃষ্টি কৰে ।বৌদ্ধিক আড্ডাৰ সদায় প্ৰয়োজনিয়তা আছে ।” শিল্পী ডিজেন কাকতিয়ে কয়- “১৯৩৬ চনত বিহু হুচৰি মিত্ৰদেৱ মহন্তই প্ৰথম ৰেকৰ্ডিং কৰিছিল । সেইকথা আজিৰ প্ৰজন্মৰ জ্ঞাত নহয় । প্ৰখ্যাত পেৰডি গায়ক ৰাৱণ নাথক আজিৰ ব্যংগ শিল্পীয়ে নাজানে । বৰ্তমানৰ সাংস্কৃতিক পথাৰখন বৰ অবক্ষয় হৈছে ।” আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- “পৰাগজ্যোতি প্ৰকাশনে ন-প্ৰজন্মক সঠিক পথৰ সন্ধানৰ বাবে অহৰহ প্ৰয়াস কৰি আহিছে ।মনৰ দুখ-বেদনা, ভেদ-ভাৱ, অভিমান আড্ডাৰে সমাধান হয় ।জীৱনবোধ উন্নতিৰ শিপাডাল আড্ডাতে নিহিত হৈ আছে ।” আড্ডাত ডা : ভাৰতী বসুমতাৰী, কবি-লেখিকা পুতুলী ঠাকুৰীয়া মেধি আদিও উপস্থিত থাকি সৰু সৰু কথাৰে মোহান্বিত কৰে ।