ৰঙিয়া নগৰৰ ৩নং ৱাৰ্ডৰ সদাব্যস্ত এটি পথৰ বিধ্বস্ত ৰূপে এতিয়া জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক। এই পথটোতে আছে ৰঙিয়া মহাবিদ্যালয়, ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়।ৰাইজৰ অভিযোগ অনুসৰি লোক নিৰ্মাণ বিভাগৰ বৰমুৰীয়াসকলৰ লগতে মন্ত্ৰী-বিধায়কৰ সঘন আহযাহ থকা এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো অতি লক্ষণীয়। যাৰ বাবে উক্ত পথটোৰে যাতায়ত কৰা লোকসকল ক্ষোভিত হৈ পৰিছে ।উল্লেখযোগ্য যে, ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাই কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতিৰ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰিছিল।কিন্তু বৰ্তমানেও পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নগ’ল। ইতিমধ্যে বিধ্বস্ত পথটোৰে যাতায়ত কৰা ৰোগীও কেবাবাৰো দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছে। ৰঙিয়া পৌৰসভাৰ ৩নং ৱাৰ্ডত থকা এই পথটোৰ অধিকাংশ ঠাইতে এজাক বৰষুণ দিলেই পুখুৰী সদৃশ গাঁত। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তীৰ্থ নগৰী বৃহত্তৰ হাজোলৈ নিতৌ অহা-যোৱা কৰে শশ লোকে। নামমাত্ৰ মেৰামতি কৰি একাংশ ঠিকাদাৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে পথটি। স্থানীয় সচেতন ৰাইজে বিধ্বস্তপ্ৰায় পথটি অনতি পলমে মেৰামতি কৰাৰ দাবী জনাইছে ।