ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিছে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী। এই পাঁচখন ৰাজ্য হ’ল ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰাম। দিল্লীৰ নিৰ্বাচনী প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভোটদানৰ দিন ঘোষণা কৰে। ৰাজ্যসমূহৰ ভিতৰত মিজোৰাম বিধানসভাৰ কাৰ্যকাল ১৭ ডিচেম্বৰত শেষ হ’ব। বাকী ৰাজ্যসমূহত বিধানসভাৰ কাৰ্যকাল জানুৱাৰী মাহত শেষ হ’ব ৷
১৭ নৱেম্বৰত এটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশত। ৰাজস্থানৰ সকলো বিধানসভা নিৰ্বাচন এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ ২৩ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৰাজস্থানত । তেলেংগানাত ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৭ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব মিজোৰামত। নিৰ্বাচনমুখী পাঁচখন ৰাজ্যৰ ভিতৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ কেৱল ছত্তীশগড়ত অনুষ্ঠিত হ’ব । ৭ নৱেম্বৰ আৰু ১৭ নৱেম্বৰত ছত্তীশগঢ়ত নির্বাচন অনুষ্ঠিত হ’ব । ৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব সকলো ৰাজ্যিক নিৰ্বাচনৰ ফলাফল।
কংগ্ৰেছ, বিজেপিকে ধৰি প্ৰতিটো দলে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৫খন ৰাজ্যৰ এই নিৰ্বাচনক ছেমি ফাইনেল হিচাপে গ্ৰহণ কৰিছে । নিৰ্বাচনৰ ফলাফল যিয়েই নহওক কিয়, বহুতে অনুভৱ কৰে যে ইয়াৰ দ্বাৰা লোকসভা নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পৰিব পাৰে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৫খন ৰাজ্যৰ মুঠ ৬৭৯টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এইবাৰ নতুন ভোটাৰৰ সংখ্যা ৬০ লাখ। মুঠ ভোটাৰৰ সংখ্যা ১৬.১ কোটি। আয়ুক্তগৰাকীয়ে কয় যে পাঁচোখন ৰাজ্যতে পুৰুষ-মহিলাৰ লিংগ অনুপাত ক্ৰমান্বয়ে উন্নত হৈছে। নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে আয়োগে কয় যে ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা সকলো দলৰ সৈতে পাঁচখন ৰাজ্য ভ্ৰমণ কৰি আলোচনা কৰা হৈছে। ভোটকেন্দ্ৰৰ সংখ্যাও বৃদ্ধি পাইছে। মিজোৰামত আছে ১২৭৬টা ভোটকেন্দ্ৰ। ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ক্ৰমে ২৪,১০৯, ৬৪,৫২৩, ৫১,৭৫৬, ৩৫,৩৫৬ টা ।
বৰ্তমান ছত্তীশগড় আৰু ৰাজস্থানত আছে কংগ্ৰেছৰ চৰকাৰ। সেই দুখন ৰাজ্যত বিজেপিৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ যুঁজ হোৱাৰ সম্ভাৱনা আছে । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি মধ্যপ্ৰদেশত কংগ্ৰেছে ক্ষমতা দখল কৰিছিল যদিও ডেৰ বছৰৰ ভিতৰতে বিজেপিয়ে মুখ্যমন্ত্ৰী কমল নাথৰ চৰকাৰ ভংগ কৰিবলৈ সক্ষম হয় ৷ তেলেংগানাত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ চৰকাৰ আছে । কংগ্ৰেছ আৰু বিজেপিৰ মাজত এইবাৰ শাসকীয় দলৰ সৈতে তিনিমুখী যুঁজ হোৱাৰ সম্ভাৱনা আছে। আনহাতে উত্তৰ-পূবৰ মিজোৰাম ৰাজ্যৰ মূল যুদ্ধ কংগ্ৰেছ আৰু শাসকীয় মিজো নেচনেল ফ্ৰণ্টৰ মাজত হোৱাৰ সম্ভাৱনা আছে ।