পাকিস্তানত হোৰাহোৰে বাঢ়িছে খাদ্যসামগ্ৰীৰ মূল্য ৷দেশখনত বিশ কিলো আটাৰ দাম ৩২০০ টকালৈ বৃদ্ধি পাইছে ! অৰ্থাৎ প্ৰতি কিলো আটাত ৩২০ টকা। অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা পাকিস্তানত কৰাচীবাসীয়ে এই বর্ধিত মূল্যত আটা ক্ৰয় কৰিছে।
পাকিস্তানী সংবাদ মাধ্যম “আৰি নিউজ”ৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ “সৰ্বাধিক দামী” আটা বৰ্তমান কৰাচীত বিক্ৰী হৈ আছে। এই তথ্য ‘পাকিস্তান ব্যুৰো অৱ ষ্টেটিষ্টিকছ (পিবিএছ)’ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে বুলি সংবাদ মাধ্যমত উল্লেখ কৰা হৈছে।
খবৰ অনুসৰি কৰাচীত আটাৰ মূল্য বৃদ্ধি পাইয়েই আছে। শেহতীয়াকৈ চহৰখনত আটাৰ মূল্য ১০ টকাকৈ বৃদ্ধি পাইছে। পাকিস্তানৰ বাকী চহৰবোৰতো কৰাচীৰ দৰে আটাৰ দাম আকাশলংঘী হৈছে। ইছলামবাগ, ৰাৱালপিণ্ডি, চিয়ালকোট, মুলতান, চুক্কুৰ আৰু খুজদাৰ — এই সকলোবোৰতে আটাৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। আটাৰ উপৰিও চেনিৰ মূল্য বৃদ্ধিয়ে পাকিস্তানৰ জনসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে ৷
মন কৰিবলগীয়া যে, পাকিস্তানী সংবাদ মাধ্যমৰ “ডন”ৰ প্ৰতিবেদন অনুসৰি, “অৰ্থনীতিবিদ চোৰাংচোৱা ইউনিট (এআইইউ)”ৰ প্ৰতিবেদনে কৰাচীক বিশ্বৰ “বসবাস কৰিব নোৱাৰা” চহৰৰ তালিকাত পঞ্চম স্থান প্ৰদান কৰিছে।
প্ৰসংগক্ৰমে পাকিস্তানৰ অৰ্থনৈতিক সংকট এতিয়া কাৰো অজ্ঞাত নহয়। দীৰ্ঘদিন ধৰি আৰ্থিক সংকটত ভুগি আহিছে দেশ। ইছলামবাগ ঋণৰ ভৰত ভাৰাক্ৰান্ত ৷ পাকিস্তানৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰো হ্ৰাস পাইছে ৷ এমাহৰ আমদানিও এই পৰিমাণৰ বিদেশী মুদ্ৰাৰে সম্ভৱ নহয়। গতিকে বৈদেশিক মুদ্ৰাৰ ব্যয় ৰোধ কৰিবলৈ পাকিস্তানে আমদানি প্ৰায় বন্ধ কৰি দিছে। যাৰ প্ৰভাৱ দেশৰ বজাৰত পৰা পৰিলক্ষিত হৈছে ৷দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে।