VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এযোৰ লেহেংগাৰ দাম ৯০ কোটি, কেনেদৰে প্ৰস্তুত কৰা হৈছিল মুকেশ আম্বানী কন্যা ঈশাৰ বিবাহৰ পোছাক !!

voicedesk by voicedesk
February 21, 2023
in মুখ্য সংবাদ
এযোৰ লেহেংগাৰ দাম ৯০ কোটি, কেনেদৰে প্ৰস্তুত কৰা হৈছিল মুকেশ আম্বানী কন্যা ঈশাৰ বিবাহৰ পোছাক !!
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

কোটিপতি মুকেশ আম্বানীৰ ঘৰত অনুষ্ঠান মানেই বলীউডৰ তাৰকা, ভাৰত আনকি বিশ্বৰ শীৰ্ষ উদ্যোগপতিৰ ভিৰ দেখা যায় ৷  যোৱা১৯ জানুৱাৰীত এন্টিলিয়াত মুকেশৰ কনিষ্ঠ পুত্ৰ অনন্ত আৰু এংকৰ হেল্থকেয়াৰৰ চিইঅ’ বিনোদ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ বাগদান  অনুষ্ঠিত হয়। ইয়াৰ লগে লগে মুকেশ আম্বানীৰ একমাত্ৰ  কন্যা ঈশাৰ বিয়াৰ স্মৃতি পুনৰ ওভতি আহিছে ৷

১২ ডিচেম্বৰ, ২০১৮।  ঈশা আৰু ব্যৱসায়ী আনন্দ পিৰামলৰ বিয়াৰ বাবে সজাই পৰাই তোলা হৈছিল এন্টিলিয়া। ব্যয়বহুল এই বিবাহ অনুষ্ঠানত দৰা-কইনা তথা পৰিয়ালৰ লোকসকলে পৰিধান কৰা পোছাক আছিল অত্যন্ত দামী ৷ মুকেশ আম্বানীৰ কন্যাই বিয়াৰ দিনা পৰিধান কৰা পোছাকৰ দাম শুনিলে আপোনাৰো চকু কপালত উঠিব ৷  আনকি ঈশাৰ সাজ-পোছাকত চকু কপালত তুলিছিল বলীউডৰ ডাঙৰ তাৰকাসকলৰো। কাৰণ, ঈশাই  বিয়াৰ দিনা পিন্ধিছিল ৯০ কোটি টকাৰ লেহেংগা। বলীউডৰ কোনো অভিনেত্ৰীয়ে বিয়াৰ সাজত ইমান কোটি টকা খৰচ কৰা নাই। কিন্তু, ঈশাৰ বিয়াৰ লেহেংগা এনেকি ৰত্নেৰে বনোৱা হৈছিল যে ইয়াৰ দাম ৯০ কোটি নির্ধাৰণ কৰা হৈছিল ৷

কেইবাটাও সংবাদ সংস্থাই দাবী কৰিছে যে ঈশাই বিয়াত পিন্ধা লেহেংগাত হীৰা খচিত কৰা হৈছিল ৷  লেহেংগাত ব্যৱহাৰ কৰা হৈছিল  সোণ ৷ ডিজাইনাৰ আবু জানি আৰু সন্দীপ খোছলাই বিশেষভাৱে ডিজাইন কৰিছিল বহু ৰঙৰ লেহেংগা। জৰ্দোছি পাৰ ক্ৰাফ্ট কৰা লেহেংগাৰ ওপৰত মুকাইছ আৰু নাক্ষিৰ পৰম্পৰা জিলিকি উঠিছিল।

খাকী ৰঙৰ লেহেঙাৰ ওপৰত এম্ব্ৰয়ডাৰীৰ কামো বৰ ধুনীয়া। নেটিজেনৰ এটা অংশই হাতেৰে এম্ব্ৰয়ডাৰীৰ এই নিপুণ কামৰ বাবে পোছাক প্ৰস্তুতকাৰীসকলকসকলক প্ৰশংসা কৰে। লেহেংগাত সুক্ষ্ম ফুলৰ ডিজাইনে সকলোকে আকর্ষিত কৰিছিল ৷ বহুতে দাবী কৰে যে আবু আৰু সন্দীপেও এই কাম কৰিবলৈ বহুমূলীয়া ৰত্ন ব্যৱহাৰ কৰিছিল। লেহেঙাৰ লগত দুপট্টা দুই প্ৰকাৰ আছিল। লেহেঙাৰ লগত মিলাবলৈ এটা দুপট্টা ঘিৰ ৰং কৰা হৈছিল। আনখন দুপাট্টা চেকুইনৰ কামেৰে গাঢ় ৰঙা ৰঙত প্ৰস্তুত কৰা হৈছিল ৷

 

ঈশাৰ বিয়াৰ সাজযোৰৰ মূল আকৰ্ষণ আছিল ওৰণিখন। ৩৫ বছৰ পূৰ্বে যেতিয়া ঈশাৰ মাতৃ নীতাৰ বিয়া হৈছিল তেতিয়া তেওঁ সাজ-পোছাক হিচাপে শাৰী বাছি লৈছিল। বিয়াৰ সময়ত ঈশাই লেহেংগাৰ লগত যি ওৰণি পিন্ধিছিল সেইখন আছিল নীতাৰ বিয়াৰ শাৰী। আবু আৰু সন্দীপে শাৰীখন কাটি ওৰণিখন প্ৰস্তুত কৰিছিল ৷ বিভিন্ন সংবাদ সংস্থাৰ সূত্ৰৰ তথ্য অনুসৰি ঈশা আৰু আনন্দৰ বিয়া উপলক্ষে ৮২৭ কোটি ৬২ লাখ ১০ হাজাৰ  টকা ব্যয় হৈছিল

পপ তাৰকা বিয়ন্সে, শীর্ষ ৰাজনৈতিক নেত্ৰী হিলাৰী ক্লিণ্টন, আৰিয়ানা হাফিংটন, নিক জ’নাছৰ দৰে তাৰকা উপস্থিত আছিল বিবাহ অনুষ্ঠানত। ইয়াৰ উপৰিও ঈশা-আনন্দৰ বিয়াত অমিতাভ বচ্চন, প্ৰিয়ংকা চোপ্ৰা, শ্বাহৰুখ খানকে ধৰি বলীউডৰ আন তাৰকাসকল উপস্থিত আছিল।

বিয়াত নিমন্ত্ৰিত অতিথিসকলৰ বাবে মুম্বাইত পাঁচখন বিলাসী হোটেল বুকিং কৰিছিল মুকেশে। অতিথিসকলৰ যাতায়তৰ সুবিধাৰ বাবে ১০০খন বিমানৰ ব্যৱস্থা কৰা হৈছিল। মুম্বাইত বিবাহ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে ৰাজস্থানৰ উদয়পুৰত বিবাহৰ পূৰ্বে  আন এক অনুষ্ঠানঅনুষ্ঠিত হয়।  আনকি, বিবাহ উপলক্ষে ক’ত অনুষ্ঠান অনুষ্ঠিত হ’ব সেই বিষয়ে জনাবলৈ এটা এপ তৈয়াৰ কৰা হৈছিল।

Previous Post

দুৰ্যোগৰ দুসপ্তাহৰ ভিতৰতে তুৰস্কত আন এক শক্তিশালী ভূমিকম্পই, ৬.৪ ৰিখটাৰ স্কেলত দুর্যোগপীড়িতৰ হাহাকাৰ

Next Post

পুৰী জগন্নাথ মন্দিৰৰ নটমণ্ডপত ফাট! তীৰ্থযাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পুৰী  জগন্নাথ মন্দিৰৰ নটমণ্ডপত ফাট! তীৰ্থযাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন

পুৰী জগন্নাথ মন্দিৰৰ নটমণ্ডপত ফাট! তীৰ্থযাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7