পিঁয়াজৰ দৈনিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰিছে ৷ নিতৌ বাঢ়িছে পিঁয়াজৰ দাম ৷ প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ দাম ৮০ টকা পর্যন্ত হৈছে ৷ কিন্তু ইয়াক লৈ যেন চিন্তিত নহয় যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ৷ বৰঞ্চ যোগান -চাহিদাৰ ওপৰত নির্ভৰ কৰাৰ বাবেই দাম বৃদ্ধি ঘটিছে বুলি তেওঁ মন্তব্য কৰিছে ৷
আজি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় –“ এইটো যোগান আৰু চাহিদাৰ ওপৰত নির্ভৰ কৰে ৷ কেতিয়াবা পিঁয়াজৰ দাম কমি যায় তেতিয়া সাংবাদিক বন্ধুসকলে আমাক নোসোধে যে পিঁয়াজৰ দাম কমি গ’ল আপোনালোকক ধন্যবাদ জনাইছো ৷ সেই কথাষাৰ কেতিয়াও নকয় ৷ যেতিয়া বাঢ়ে তেতিয়া সোধে ৷ বাঢ়িলে আমিও উদ্বিগ্ন হওঁ ৷ বাঢ়িলে প্ৰধানমন্ত্ৰী উদ্বিগ্ন হয়, মুখ্যমন্ত্ৰী উদ্বিগ্ন হয় ৷ময়ো উদ্বিগ্ন হয় ৷যদি উৎপাদন কমি যায় অথবা উৎপাদন হোৱা ঠাইত যদি নষ্ট হয়, তেতিয়া স্বাভাৱিকতে দামটো বাঢ়ি যায় ৷ আৰু যেতিয়া উৎপাদন বাঢ়ি যায় তেতিয়া দাম কমি যায় ৷ এইটো উৎপাদনৰ ওপৰত নির্ভৰ কৰে ৷ অর্থাৎ চাহিদা আৰু যোগানৰ ওপৰত নির্ভৰ কৰা বস্তু ৷ আমি উৎপাদন কৰিবই নোৱাৰো ৷ অসমৰ মানুহে চাউল আৰু চাহপাতৰ বাহিৰে কি উৎপাদন কৰে ৷ আমি সকলোতে নির্ভৰশীল ৷ যদি নাছিকৰ পৰা বেছিকৈ পিঁয়াজ আহি যায় , তেতিয়া পিঁয়াজৰ দাম কমি যাব ৷ আৰু যদি কমি যায় দাম বাঢ়ি যায় ৷”