বজাৰত নিয়ন্ত্ৰণলৈ অহা নাই পিঁয়াজৰ মূল্য ৷ আজি পুনৰ বজাৰত বৃদ্ধি পাইছে পিঁয়াজৰ দাম ৷ পাইকাৰী আৰু খুচুৰা উভয় বজাৰতে বৃদ্ধি পাইছে পিঁয়াজৰ দাম ৷ কালি পর্যন্ত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ দাম ১৫ টকা পর্যন্ত বৃদ্ধি পাইছিল ৷ যাৰ ফলত খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য ৬০ টকা হৈছিল ৷আজি খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য ৭০ টকালৈ বৃদ্ধি পাইছে ৷ অর্থাৎ মাত্ৰ তিনিদিনৰ ভিতৰত পিঁয়াজৰ দাম ২৫ টকা পর্যন্ত বৃদ্ধি পালে ৷
পাইকাৰী বজাৰত পিঁয়াজৰ দাম ৬০ টকা পর্যন্ত প্ৰতিকিলোগ্ৰামত বৃদ্ধি পোৱাৰ ফলত খুচুৰা ব্যৱসায়ীসকলে বৃদ্ধি কৰিছে দাম ৷ পাইকাৰী ব্যৱসায়ী সকলে প্ৰকাশ কৰা অনুসৰি পিঁয়াজৰ উৎসত অর্থাৎ নাছিকত দাম বৃদ্ধি পোৱাৰ বাবে এই মূল্যবৃদ্ধি ঘটিছে ৷
উল্লেখ্য যে বহু সময়ত একাংশ অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি আলু-পিঁয়াজৰ দাম বৃদ্ধি কৰি আহিছে ৷ ৰাজ্য চৰকাৰৰ উদাসীনতা তথা বিয়াগোম যোগান বিভাগৰ অস্বিত্বহীনতাৰ সুযোগ লৈ বহু সময়ত এনেদৰে দাম বৃদ্ধি কৰি সাধাৰণ ৰাইজক লুণ্ঠন কৰি আহিছে ব্যৱসায়ীসকলে ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা ঔষধলৈকে হোৱা মূল্যবৃদ্ধিয়ে মাধমাৰ শোধোৱাৰ পিছত পিয়াঁজৰ দাম বৃদ্ধিয়ে বাৰুকৈয়ে কন্দুৱাইছে সাধাৰণ ৰাইজক ৷