মধ্যপ্ৰদেশৰ বালাঘাটত আৰক্ষীৰ সৈতে হোৱা গুলীচালনাত দুই মাওবাদী নেতাৰ মৃত্যু হয়। বালাঘাটৰ আৰক্ষী অধীক্ষক সমীৰ সৌৰভে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, শুকুৰবাৰে নিশা মহাৰাষ্ট্ৰ সীমান্ত এলেকাত চিপিআই (মাওবাদী) গেৰিলাৰ সৈতে হোৱা আৰক্ষীৰ সংঘৰ্ষত মাওবাদীৰ দুগৰাকী সুনীতা আৰু সৰিতা নিহত হয়।
সমীৰে কয় যে মৃত সুনীতা ছত্তীশগড় সীমান্ত অঞ্চলত সক্ৰিয় ভোৰামদেউ সমিতিৰ অধিনায়ক আছিল। সৰিতা বালাঘাটৰ সমীপৱৰ্তী মধ্যপ্ৰদেশৰ মণ্ডল জিলাৰ খাটিয়া-মোচা আঞ্চলিক সমিতিৰ সদস্য আছিল। মাওবাদী গেৰিলা বাহিনীৰ ভিষ্টাৰ গোটত তেওঁ সক্ৰিয় আছিল। আৰক্ষী অধীক্ষকে কয় যে, “হত্যা কৰা মাওবাদী নেতা দুজনৰ ওপৰত ১৪ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে।”
আৰক্ষীৰ তথ্য অনুসৰি ৰাইফল, কাৰ্টিজ, বিস্ফোৰক আৰু মেগজিন উদ্ধাৰ কৰা হৈছে। আৰক্ষী সূত্ৰই দাবী কৰিছে যে মধ্যপ্ৰদেশৰ কানহা বাঘ প্ৰকল্প, ফেন অভয়াৰণ্য আৰু লাগোয়া ছত্তীশগড়ৰ ভোৰামদেও অভয়াৰণ্যৰ বালাঘাট আৰু মণ্ডল জিলাৰ গাতে লাগি থকা অঞ্চলসমূহত কেইবাদিনো ধৰি মাওবাদী ‘কাৰ্য্যকলাপ’ৰ খবৰ লাভ কৰিছিল । শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ পিছত সেই অঞ্চলসমূহত তালাচী অভিযান আৰম্ভ কৰা হৈছে।