অহা মাহৰ দ্বিতীয় সপ্তাহত অষ্ট্ৰিয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কূটনৈতিক সূত্ৰ অনুসৰি প্ৰস্তাৱিত মস্কো ভ্ৰমণৰ পিছত তেওঁ ভিয়েনালৈ যাব পাৰে। যোৱা চাৰিটা দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে মধ্য ইউৰোপৰ এই দেশখন ভ্ৰমণ কৰা নাই। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৮৩ চনত শেষবাৰৰ বাবে অষ্ট্ৰিয়া ভ্ৰমণ কৰিছিল।
অষ্ট্ৰিয়া নাটোৰ সদস্য ৰাষ্ট্ৰ নহয়। ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধৰ মাজতে তেওঁলোকেও ভাৰতৰ দৰে ৰাছিয়াৰ সৈতে অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক বজাই ৰাখিছিল। কিন্তু ইউক্ৰেইনত একপক্ষীয়ভাৱে আক্ৰমণ অব্যাহত ৰখাৰ বাবেও তেওঁলোকে ৰাছিয়াক ৰাজহুৱাভাৱে সমালোচনা কৰিছে। লগতে যুদ্ধ বন্ধ কৰিবলৈ ৰাজনৈতিক সমাধান বিচাৰিছে। বিশ্বৰ কৌশলগত খেলখনত ভাৰত আৰু অষ্ট্ৰিয়াৰ কিছু সম্পৰ্ক আছে। কূটনৈতিক সূত্ৰ অনুসৰি মোদী সেই দেশলৈ গ’লে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত সমন্বয়ৰ বিষয়ে আলোচনা কৰা হ’ব।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে ভাৰতৰ ষ্টাৰ্ট-আপ, উৎপাদন খণ্ড, তথ্য প্ৰযুক্তি আৰু উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত অষ্ট্ৰিয়াৰ সৈতে সহযোগিতা বৃদ্ধি কৰা।