নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক “কলংপাৰ” কাকতখনিয়ে অহা ১৮ আগষ্টত ২৪ সংখ্যক বৰ্ষত পদাৰ্পণ কৰা উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰবন্ধ,গল্প,কবিতা, ৰম্য ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে । সেই অনুসৰি প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে দেৱব্ৰত শইকীয়া (গোলাঘাট),নিবেদিতা হাজৰিকা (লখিমপুৰ)আৰু বিমল বৰগোঁহাই (তিনিচুকীয়া)য়ে আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে নিবেদিতা ভূঞা ৰাজকুমাৰী(নগাঁও) য়ে ।
গল্প প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে মুনমী দত্ত হাজৰিকা (মাজুলী), নাজৰিণ নাজ(নগাঁও) আৰু স্তুতি বন্দনা(বিশ্বনাথ)ই । কবিতা প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে প্ৰতিভা ভাগৱতী(নগাঁও),উৎপল কুমাৰ দেৱনাথ (গোৱালপাৰা) আৰু দেৱব্ৰত শইকীয়া(গোলাঘাট) ই । ৰম্য ৰচনা প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে শিৱ প্ৰসাদ শৰ্মা ঠাকুৰ(গোলাঘাট),লোহিত কুমাৰ গায়ন(উমৰাংছু-ডিমা হাচাও) আৰু ৰীণা দেৱী (গুৱাহাটী)য়ে ।
চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে দেৱজিৎ হাজৰিকা (মাজুলী),হিমানশ্ৰী ৰাজখোৱা (নগাঁও)আৰু হৰ্ষিত বৰা (তেজপুৰ)ই । উল্লেখ্য যে স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত শ্ৰীমন্ত শংকৰ মিছন কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অহা ১৮ আগষ্টৰ দুপৰীয়া ১২:৩০ বজাত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি “কলংপাৰ” কাকতৰ পৰিচালন সঞ্চালক বল্লদেৱ শৰ্মাই জনাইছে ।