কোনো পথেৰে গৈ থা অৱস্থাত চিগনেলত গাড়ী ৰখালেই বহুলোকৰ অস্বস্তি অনুভৱ হ’বলৈ আৰম্ভ কৰে। যানজঁতত আবদ্ধ হৈ থকা গাড়ী হর্ণৰ শব্দই বহুতকে বিৰক্ত কৰে । শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে তীব্ৰ যান-জঁট আৰু তাৰ ফলত হোৱা শব্দ প্ৰদূষণ হাৰ্ট এটেক আৰু অন্যান্য হৃদৰোগ সম্পৰ্কীয় ৰোগৰ সৈতে জড়িত। কেৱল সেয়াই নহয়, পথৰ সংকেত বা আৱদ্ধ হৈ থকা যান-বাহনৰ গাড়ীৰ শব্দইও উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ এটা দলে ক্ৰমাৎ বৃদ্ধি পোৱা হাৰ্ট এটেক আৰু আনুষংগিক ৰোগৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল। সেই গৱেষণাৰ পৰা জনা যায় যে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ মাজত বাহনৰ শব্দৰ সম্পৰ্ক আছে। ইয়াৰ উপৰিও গৱেষকসকলে কয় যে শব্দ প্ৰদূষণৰ মাত্ৰা ১০ ডেচিবেল বৃদ্ধি হ’লে হৃদৰোগৰ সম্ভাৱনা ৩.২ শতাংশ বৃদ্ধি পায়। এই ভয়ংকৰ শব্দই অনিদ্ৰাৰ সমস্যাও বৃদ্ধি কৰিব পাৰে । ইয়াৰ উপৰিও ষ্ট্ৰেছ হৰম’ন অৰ্থাৎ কৰ্টিছল অস্বাভাৱিক হাৰত বৃদ্ধি পাব পাৰে। যাৰ ফলত ভৱিষ্যতে প্ৰদাহজনিত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
হৃদৰোগৰ বহু কাৰণ থাকিব পাৰে। অৱশ্যে তাৰ ভিতৰত এটা হ’ল বাহনৰ শব্দ। জাৰ্মানীৰ ইউনিভাৰ্চিটি মেডিকেল চেণ্টাৰৰ গৱেষণাৰ মুৰব্বী তথা অধ্যাপক থমাছ মানজলে কয়- “আমাৰ গৱেষণাই এই কথা প্ৰমাণ কৰিছে। কেৱল হাৰ্ট এটেকেই নহয়, শৰীৰৰ বিভিন্ন কাৰ্য্যকলাপ ইয়াৰ লগত জড়িত। অনিদ্ৰাৰ ফলতো ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’ব পাৰে।”