৫০০ বছৰীয়া হিন্দু মন্দিৰলৈ যোৱাৰ বাবে পথ নিৰ্মাণ কৰিবলৈ দুই মুছলমান নাগৰিকে দান কৰিছে নিজৰ মাটি ৷জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ এই ঘটনাই পুনৰ এবাৰ হিন্দু আৰু মুছলমানৰ মাজৰ সম্প্ৰীতিৰ শক্তিশালী বান্ধোনৰ উদাহৰণ দাঙি ধৰিছে ৷ গুলাম ৰছুল আৰু গুলাম মহম্মদ নামৰ দুজন ব্যক্তিয়ে তাত সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে। তেওঁলোকে দান কৰা মাটিত হিন্দু মন্দিৰ সংযোগী পথটো নিৰ্মাণ কৰা হ’ব।
উল্লেখ্য যে ৰিয়াছি জিলাৰ কান্সি পট্টা গাঁৱৰ গুপ্ত কাশী-গৌৰী শংকৰ মন্দিৰ বহু বছৰ পুৰণি ৷ মন্দিৰটোলৈ নাছিল প্ৰৱেশ পথ। ফলত ভক্তসকলে মন্দিৰলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ সেই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে মুছলমান সমাজৰ সেই দুজন ব্যক্তি। খেৰাল গাঁৱৰ বাসিন্দা গুলাম ৰাছুল আৰু গুলাম মহম্মদে নিজৰ মাটিৰ কিছু অংশ পঞ্চায়তখনক দান কৰাৰ পাছতে পথটো নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ৷ এই দান কৰা ভূমিৰ মূল্য প্ৰায় ১ কোটিৰো অধিক ৷ কানসী পট্টা গাঁৱৰ এই ভূমিত দহ ফুট বহল ১২০০ মিটাৰ দৈৰ্ঘ্যৰ এটা পথ নিৰ্মাণ কৰা হ’ব। যিয়ে মন্দিৰটোক সংযোগ কৰিব। স্থানীয় প্ৰশাসনৰ মতে এই পথটো পঞ্চায়তৰ পুঁজি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব। পথ নিৰ্মাণৰ বিষয়টোও জিলা উন্নয়ন আয়ুক্তৰ দৃষ্টিগোচৰ হৈছে।
পঞ্চায়তৰ প্ৰাক্তন সদস্য হৈছে গুলাম ৰছুল। তেওঁ কয়, “মন্দিৰলৈ যোৱাৰ কোনো উপযুক্ত পথ নাছিল। একাংশ লোকে পথৰ সমস্যাটোক লৈ ঘৃণা বিয়পাই দিবলৈও চেষ্টা কৰিছিল, যাৰ ফলত সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।“ ইয়াৰ পাছতে গুলাম ৰছুল আৰু গুলাম মহম্মদে মন্দিৰলৈ যোৱা পথ নিৰ্মাণৰ বাবে নিজৰ মাটিৰ এটা অংশ এৰি দিবলৈ সন্মত হয়।
মন্দিৰ সজোৱাৰ কামো আৰম্ভ হৈছে। মন্দিৰ কৰ্তৃপক্ষই অঞ্চলটোত আৰু কিছু মাটি অধিগ্ৰহণ কৰিছে। তদুপৰি মুছলমান সম্প্ৰদায়ৰ দুজন লোকৰ অনুদান লাভ কৰা হৈছে। মুঠতে কাশ্মীৰৰ এখন সৰু গাঁৱত সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰা হৈছে।