শুকুৰবাৰে পুৱাই মহানগৰীৰ দিছপুৰ আৰক্ষী থানাত আজি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে এটা গভাইত চোৰে ৷ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়তে হেণ্ডকাফসহ চোৰটোৱে পলায়ন কৰে ।
প্ৰাপ্ত তথ্য অনুসৰি দিছপুৰ থানাৰ পৰা লাষ্টগেটৰ ৰাজধানী চৰকাৰী চিকিৎসালয়লৈ চোৰটোক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ গৈছিল আৰক্ষীয়ে । সেই সময়তে চোৰটোৱে আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰে ৷
আৰক্ষীৰ দুজনকৈ কনিষ্টবলে চোৰটোক পলাই পঠোৱাৰ অভিযোগ কৰিছে একংশ লোকে । ৰাইজে কৰায়ত্ব কৰি দিছপুৰ আৰক্ষীক গতাই দিছিল চিলিণ্ডাৰ চোৰটোক।