গুৱাহাটী মহানগৰীত অব্যাহত আছে চিলনী চোৰৰ টার্গেট ৷ পুনৰ চিলনী চোৰৰ টার্গেট হ’ল এগৰাকী মহিলা ৷ গুৱাহাটীৰ ভিআইপি ৰোডত সংঘটিত হৈছে এই ঘটনা। ব্যস্ত ৰাজপথৰ পৰাই নিজৰা গগৈ নামৰ ৬৫ বছৰীয়া মহিলা গৰাকীৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিয়ে সোণৰ চেইন।
প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ ভিআইপি ৰোডৰ ৰঙবং পথৰে পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই মহিলা গৰাকীৰ চেইনডাল থপিয়াই লৈ যায় ।
ইয়াৰ পূর্বেও চিলনী চোৰে বহুকেইগৰাকী মহিলাৰ সোণৰ চেইন কাঢ়ি লৈ গৈছিল ৷ কিন্তু চিলনী চোৰৰ সন্ধান উলিওৱাত ব্যর্থ হৈ আিছে মহানগৰ আৰক্ষী ৷ চিলনী চোৰে মহানগৰীখনৰ বয়সস্থ মহিলাসকলক টার্গেট কৰি আহিছে ৷