চূড়ান্ত নিৰাপত্তাহীনতাত ভূগিছে মহানগৰবাসী ৷ কালি ছয়মাইৰ পৰা এখন ৰাখি থোৱা গাড়ীৰ পৰা দুর্বৃত্তই গ্লাছ ভাঙি ৩ লাখ টকা দিন দুপৰতে লুটি নিয়াৰ পাছত আজি পুনৰ দুটাকৈ চেইন চুৰিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি মহানগৰীৰ হেঙেৰাবাৰীৰ নামঘৰ পথত পুৱা ৭.৩০ বজাত এখন বাইকত অহা দুই দুর্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ চেইন টানি লৈ যায় ৷ বিদ্যালয়লৈ নিজৰ সন্তানক থব অহাৰ সময়তে মহিলা গৰাকীৰ ডিঙিৰ চেইন টানি লৈ যায় ৷ প্ৰাপ্ত তথ্য অনুসৰি দুবৃর্ত্তই মহিলা গৰাকীক পিষ্টল দেখুৱাই ভীতি প্ৰদর্শন কৰি চেইনডাল লৈ যায় ৷ কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কার্যালয়ৰ এশ মিটাৰ দূৰত্বৰ ভিতৰতে এই ঘটনা সংঘটিত হৈছে ৷
ইফালে অনুৰূপ ঘটনা সংঘটিত হৈছে মহানগৰীৰ চচলতো ৷ চচলত এগৰাকী মহিলাৰ ডিঙিৰ পৰাও সোণৰ চেইন কাঢ়ি নিয়া বুলি জানিব পৰা গৈছে ৷ স্বাভাৱিকতে আৰক্ষীৰে গিজগিজাই থকা মহানগৰীত এনে ঘটনাই সকলোকে আতংকিত কৰি তুলিছে ৷ ইয়াৰ পূর্বেও বহুকেইটা চেইন চুৰিৰ ঘটনা সংঘটিত হৈছিল ৷