আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হ’ল ডকাইতি কাণ্ড ৷শনিবাৰে নিশা যোৰহাটত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এগৰাকী ব্যৱসায়ীৰ পৰা অস্ত্ৰধাৰী ডকাইতৰ দলে লুটি নিলে নগদ ১৬ লাখ টকা।
প্ৰাপ্ত তথ্য অনুসৰি নিশা যোৰহাটৰ ব্যৱসায়ীক প্ৰতিষ্ঠান জাহ্ণৱী টেক্সটাইল বন্ধ কৰি ঘৰলৈ উভতিছিল ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী মিহিৰ ডালমিয়া। সেই সময়তে প্ৰতিষ্ঠাখনৰ স্বত্বাধিকাৰগৰাকীক ডকাইতৰ দলটোৱে আগচি ধৰে আৰু তেওঁৰ পৰা কাঢ়ি নিয়ে ১৬ লাখ টকা। ইয়াৰোপৰি মিহিৰ ডালমিয়াক ডকাইতিৰ দলটোৱে প্ৰহাৰ কৰে ৷ এই ঘটনাত সামান্য আঘাতপ্ৰাপ্ত হৈছে ব্যৱসায়ীজন ৷ ডকাইতিৰ ঘটনাই যোৰহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ লগতে প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু আৰক্ষীৰ ভূমিকাক লৈয়ো ৷