২০০ ফুট উচ্চতাত হঠাৎ ভাঙি পৰিলৰোলাৰকোষ্টাৰ । পৰ্যটকৰ সৈতে ৯০ ডিগ্ৰী কোণত ওলমি আছিল ৰেকখন। পৰ্যটকসকলে আতংকিত হৈ চিঞৰি উঠিছিল। অৱশেষত বহু চেষ্টাৰ অন্তত তেওঁলোকক উদ্ধাৰ কৰা হয়। ৰোলাৰ কাষ্টাৰৰ কাষৰ চিৰিৰে পৰ্যটকক নমাই অনা হয়।
এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমেৰিকাৰ ৱাহুৰ চেণ্ডাস্কিৰ এখন বিনোদন পাৰ্ক চিডাৰ পইণ্টত। এই উদ্যানখনত মেগনাম এক্সএল-২০০ নামৰ এটা ৰোলাৰকোষ্টাৰ আছে ৷ যিটোৰ উচ্চতা ২০০ ফুটতকৈও অধিক । এই ৰোলাৰকোষ্টাৰখনে উচ্চতাৰ বাবে গিনিজ বুক অৱ ৰেকৰ্ডতো স্থান লাভ কৰিছে। ফলত স্বাভাৱিকতে এই ৰোলাৰকোষ্টাৰৰ জনপ্ৰিয়তা অতি বেছি। চিডাৰ পইণ্টৰ ৱেবছাইটত প্ৰকাশ পোৱা মতে, ১৯৮৯ চনত মুকলি কৰা এই ৰোলাৰকোষ্টাৰখন। ই আটাইতকৈ দ্ৰুত ৰোলাৰকোষ্টাৰ।
চিডাৰ পইণ্টৰ তথ্য অনুসৰি এই ঘটনাত কোনো পৰ্যটক আহত হোৱা নাই। উদ্যানৰ কৰ্মচাৰীয়ে যাত্ৰীসকলক নিৰাপদে নমাই আনে। এই ঘটনাৰ পিছত কেইদিনমান বন্ধ হৈ পৰে ৰোলাৰকোষ্টাৰখন। উদ্যান কৰ্তৃপক্ষই দাবী কৰিছে যে যান্ত্ৰিক সমস্যাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। কিন্তু আন কিবা কাৰণ আছে নে নাই সেই বিষয়ে তদন্ত চলি আছে।
কিছুদিন পূৰ্বে ব্ৰিটেইনৰ এখন বিনোদন পাৰ্কত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ৰোলাৰকোষ্টাৰখন চলি থকাৰ সময়তে হঠাতে স্থবিৰ হৈ পৰে। সেই ৰোলাৰকোষ্টাৰত ৭২ ফুট উচ্চতাত পৰ্যটক আবদ্ধ হৈ পৰিছিল। অৱশেষত কেইবা মুহূৰ্তৰ চেষ্টাৰ অন্তত ৰছী বান্ধি পৰ্যটকসকলক তললৈ নমাই দিয়া হ’ল। ইংলেণ্ডৰ চাউথএণ্ডত ‘এডভেঞ্চাৰ আইলেণ্ড’ নামৰ এখন জনপ্ৰিয় সাগৰৰ পাৰৰ ৰিজ’ৰ্ট আছে। ‘দ্য ৰেজ’ নামৰ ৰোলাৰকোষ্টাৰখন তাত যথেষ্ট জনপ্ৰিয়।