চাৰি বছৰ অনুৰ্দ্ধৰ শিশুক উঠাই দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত শীঘ্ৰে জাৰি কৰা হ’ব নতুন নিৰ্দেশনা। চাৰি বছৰ অনুৰ্দ্ধৰ শিশুক উঠাই প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগত আপুনি চলাব নোৱাৰিব দুচকীয়া বাহন। ইয়াতকৈ অধিক বেগত দুচকীয়া বাহন চলালে সেয়া যান বাহন আইন ভংগ কৰা বুলি ধৰা হ’ব আৰু জৰিমনা বিহা হব। এই নিয়ম ভংগ কৰিলে ১০০০ টকা পর্যন্ত জৰিমনা আৰু তিনিমাহ পৰ্যন্ত চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব পাৰিব। অৱশ্যে এতিয়াও এই নীতি দেশত বলবত হোৱা নাই।যান বাহন আইনত এই সংশোধন আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। শিশুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সংশোধনী আনিবলৈ বিচৰা হৈছে। তদুপৰি ৯ মাহ আৰু চাৰি বছৰ বয়সৰ মাজৰ শিশুসকলক হেলমেট পৰিধান কৰোৱাটো বাধ্যতামূলক কৰা হ’ব এই সংশোধনীৰ জৰিয়তে। সেইদৰে শিশু উঠাই দুচকীয়া বাহন চলোৱাসকলে পিন্ধিব লাগিব বিশেষ পোছাক। যাৰ জৰিয়তে শিশুক চালকে নিজৰ শৰীৰৰ সৈতে বান্ধি ল’ব পাৰিব আৰু শিশুৰ সুৰক্ষা নিশ্চিত হ’ব। বিভিন্ন পক্ষৰ সৈতে আলোচনাৰ অন্তত চূড়ান্ত নিৰ্দেশনা জাৰি কৰাৰ এবছৰৰ ভিতৰতে সমগ্ৰ দেশজুৰি এই নতুন নিয়ম সমূহ বলবত কৰা হ’ব