অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন ৷ ৬ এপ্ৰিললৈকে এই বাজেট অধিৱেশন অনুষ্ঠিত হ’ব । শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত সংসদত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তাৱ দাখিল কৰিব পাৰে। যিখন হ’ব মোদী চৰকাৰৰ দ্বিতীয় কার্যকালৰ অন্তিমখন সম্পূৰ্ণ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তাৱ সংসদত দাখিল কৰিব পাৰিব। যিখন হ’ব মোদী চৰকাৰৰ অন্তিমখন সম্পূৰ্ণ বাজেট। কাৰণ অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷
নৰেন্দ্ৰ মোদী চৰকাৰে ক’ৰোনাৰ পিছৰ পৰ্যায়ত আৰ্থিক বিকাশৰ গতি কোন দিশে লৈ গৈ আছে তাৰ উত্তৰ এই অধিবেশনত পোৱা যাব। তদুপৰি ২০২৩ চনত ১০খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিছে সেয়াও লক্ষণীয় হ’ব ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ক’ৰোনা মহামাৰীৰ পাছত দেশৰ অর্থনীতি স্থৱিৰ হৈ পৰিছিল ৷