সেৱক-ৰংপো সীমান্ত অতিক্ৰম কৰি হিমালয়ে আগুৰি থকা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উপস্থিত হ’ব ভাৰতীয় ৰেল। চীন দখল কৰা তিব্বতৰ সীমামুৰীয়া ছিকিমৰ নাথুলাইলৈকে চলিব ৰেল । । চীন সীমান্তত জৰুৰী ভিত্তিত আন্তঃগাঁথনি নিৰ্মাণ আৰু উন্নয়ন আৰম্ভ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। এই ৰেলপথ ইয়াৰ এটা অংশ।
উত্তৰ বংগৰ সেৱকৰ পৰা ছিকিমৰ ৰংপোলৈ অহা বছৰৰ ভিতৰত ৰে’লপথ নিৰ্মাণ সম্পূৰ্ণ হ’ব। ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথত ৫টা ষ্টেচন থাকিব। তাৰে এটা হৈছে উত্তৰ বংগৰ তীস্তাবাজাৰ আণ্ডাৰগ্ৰাউণ্ড ষ্টেচন। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক সূত্ৰৰ উদ্ধৃতিৰে বৃহস্পতিবাৰে প্ৰকাশিত বাতৰি অনুসৰি সেৱক-ৰংপো ৰে’লপথ নাথুলালৈ সম্প্ৰসাৰণৰ কাম শীঘ্ৰে আৰম্ভ হ’ব। প্ৰতিকূল পৰিবেশতো এই ৰেলপথটো গোটেই বছৰটো কাৰ্যক্ষম হৈ থাকিব।
২০১৯ চনত ৰে’ল মন্ত্ৰালয়ে সেৱক-ৰংপো ৰে’লপথৰ কাম আৰম্ভ কৰে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জিএম আনছুল গুপ্তাই কৈছিল যে ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সেৱক-ৰংপো প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য। কিন্তু পাহাৰৰ মাজেৰে কাটি যোৱা ৰে’লপথৰ বাবে সুৰংগ আৰু লাইন নিৰ্মাণ কৰাটো যথেষ্ট সময়সাপেক্ষ। গতিকে সময়সীমা পিছুৱাই দিয়া হৈছে। এই ৰেলপথ নাথু লা সীমান্তলৈকে সম্প্ৰসাৰণ কৰিলে যুদ্ধৰ পৰিস্থিতিত সৈন্য, অস্ত্ৰ আৰু লজিষ্টিক দ্ৰুত যোগান ধৰিব পৰা যাব ৷
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে প্ৰায় ৮ বছৰ পূৰ্বে মোদী চৰকাৰে চীন সীমান্তৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ‘বিশদ প্ৰকল্প প্ৰতিবেদন’ (ডিপিআৰ) প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল। যুক্তিটো আছিল যে চীনে সীমান্তৰ সিপাৰে নিজৰ আন্তঃগাঁথনি আধুনিকীকৰণ কৰিলেও ভাৰতেও আন্তঃগাথনি উন্নত কৰিব ৷প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ২০২০ চনত পূব লাডাখত চীনা সেনাই এল এ চিত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত সীমান্ত আন্তঃগাঁথনি নিৰ্মাণৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।