দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা, এ পি এছ চি আৰু স্লেটৰ পৰীক্ষা একেদিনাই অনুষ্ঠিত কৰাৰ হঠকাৰী সিদ্ধান্ত উঠাই লোৱাৰ দাবী জনাইছে এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে। যোৱা ১৬ ফেব্ৰুৱাৰীত অসম লোকসেৱা আয়োগৰ এক জাননীমতে লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষা ৩২ খন জিলাত অহা ১৭ মাৰ্চত অনুষ্ঠিত হ’ব। একেদৰে স্লেট আয়োগে যোৱা ২১ নৱেম্বৰত প্ৰকাশ কৰা জাননী অনুসৰি সেইদিনাই অৰ্থাৎ অহা ১৭ মাৰ্চ ৰবিবাৰে সৰ্বমুঠ ২৯ টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব। এ পি এছ চি আৰু স্লেট ৰ দৰে অতিকৈ গুৰুত্বপূৰ্ণ দুটা পৰীক্ষা একেদিনাই অনুষ্ঠিত কৰা কথাটোৱেই পৰীক্ষাৰ্থীসকলক বিমোৰত পেলাইছে। কাৰণ ইতিমধ্যে দুয়োটা পৰীক্ষাৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে আবেদন জনাইছে।
সততে অসমৰ নিবনুৱা সমস্যা দূৰ কৰিম বুলি দম্ভালি মাৰি থকা মুখ্যমন্ত্ৰীৰ ৰাজ্যত দুটাকৈ অতি গুৰুত্বপূৰ্ণ বিভাগৰ পৰীক্ষা একেদিনাই অনুষ্ঠিত কৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত কৰিবলৈ এক অতি কাণ্ডজ্ঞানহীন সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে।অসম চৰকাৰৰ এই হঠকাৰি আৰু বিবেচনাহীন কাৰ্যক এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ৰাজ্যখনৰ এই গুৰুত্বপূৰ্ণ বিভাগ দুটাৰ গুৰুত্ব বুজি চৰকাৰে দুটা ভিন্ন দিনত পৰীক্ষা অনুষ্ঠিত কৰি হাজাৰ হাজাৰ যুৱক-যুৱতীক দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিবলৈ দাবী জনাইছে।