ডেৰ মাহৰ পাছতো মণিপুৰত শান্তিৰ পৰিৱেশ ওভতি অহাৰ কোনো লক্ষণ দেখা পোৱা নাই। চৰকাৰৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যাই ১২০ জন অতিক্ৰম কৰিছে। গোষ্ঠীগত হিংসাৰ বাবে প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈ পৰিছে। ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) এল নিশিকান্ত সিঙে উত্তৰ-পূব ভাৰতৰ ৰাজ্যক গৃহযুদ্ধগ্ৰস্ত লেবানন, ছিৰিয়া, নাইজেৰিয়া আৰু লিবিয়াৰ সৈতে তুলনা কৰিছে।
মণিপুৰৰ প্ৰাক্তন সেনাধ্যক্ষগৰাকীয়ে শনিবাৰে কয় –“মই মণিপুৰৰ এজন সাধাৰণ ভাৰতীয় অৱসৰপ্ৰাপ্ত ব্যক্তি। মোৰ ৰাজ্য এতিয়া ‘ৰাষ্ট্ৰহীন’। লিবিয়া, লেবানন, নাইজেৰিয়া, ছিৰিয়া আদি দেশৰ দৰে যিকোনো সময়তে জীৱন আৰু সম্পত্তি ধ্বংস হ’ব পাৰে।”
কেৱল সাধাৰণ মানুহকে নহয়, মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰী কুকি জনজাতীয় নেত্ৰী নেমচা কিগপেন আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰু মেইটেই জনজাতি নেতা ৰাজকুমাৰ ৰঞ্জন সিঙৰ বাসগৃহত অগ্নিসংযোগ কৰিছে ৷ বিজেপি নেতা তথা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ মতে, এই সংঘাতৰ আঁৰৰ মূল দোষী হৈছে ম্যানমাৰ সীমান্তৰ সিপাৰে অনুপ্ৰৱেশ কৰা উগ্ৰপন্থী। মেইটেই সংগঠনসমূহেও অনুপ্ৰৱেশকাৰী কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।
৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তৰ-পূব ৰাজ্যত অশান্তিৰ সৃষ্টি হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে এই নির্দেশৰ বিৰোধিতা কৰি জনসংগঠন ওলাই আহে । আৰু সেই ঘটনাৰ পৰাই সংঘাত আৰম্ভ হৈছিল তাতেই। ৬ মে’ত নৰেন্দ্ৰ মোদী চৰকাৰে মণিপুৰৰ আদিবাসী হিন্দু মেইটেই সম্প্ৰদায়ৰ সৈতে কুকি, জো, আৰু অন্যান্য অনুসূচিত জাতি জনগোষ্ঠী (যিসকলৰ অধিকাংশই খ্ৰীষ্টান)ৰ মাজত সংঘৰ্ষ ৰোধ কৰিবলৈ মণিপুৰত আইন-শৃংখলা বজাই ৰখাৰ দায়িত্ব কান্ধত লৈছিল ৷ সেনা আৰু অসম ৰাইফলছ নিয়োজিত কৰা হ’ল। কিন্তু ৰাজ্যখনত এতিয়াও পৰিস্থিত নিয়ন্ত্ৰনলৈ অহা নাই ৷