পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ’ল মৰিয়নিত ৷ জন্মদাত্ৰীক নিষ্ঠুৰভাৱে হত্যা কৰিলে পুত্ৰই ৷ এই ঘটনা সংঘটিত হৈছে মৰিয়নীৰ ভেলেউগুৰি কালিয়া গাঁৱত ৷ নবীন বৰাই মাতৃ নিৰু বৰাক নৃশংসভাৱে হত্যা কৰে ৷ ৰডেৰে কোবাই কোবাই নিৰ্মমভাৱে নিৰু বৰাক হত্যা কৰে নবীনে । জানিব পৰা মতে, বুধবাৰে নিশা সামান্য কথাতে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয় ৷ খঙৰ ভমকত হিতাহিত জ্ঞান হেৰুৱাই পেলায় নবীনে মাতৃক হত্যা কৰে ৷
দেৱেৰাপাৰ আৰক্ষীয়ে মাতৃহন্তা নবীন বৰাক নিশাই গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাক লৈ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ মাতৃক হত্যাকাৰী নবীনক কঠোৰ শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷