মৰাণত সংঘটিত হৈছে এক নৃশংস ঘটনা। পুত্ৰই লোমহর্ষকভাৱে হত্যা কৰিলে মাতৃক ৷ মৰাণৰ ১০৮ নং খোৱাং গ্ৰাণ্টৰ আইদেউ সন্দিকৈ পথত সংঘটিত হৈছে এই ঘটনা।
হত্যাকাণ্ডত অভিযুক্ত লোকজন উত্তম বৰুৱা (৩৭) বুলি জানিব পৰা গৈছে ৷ ইপিনে মৃত্যু ঘটিছে অনু বৰুৱা নামৰ মহিলা গৰাকীক ৷ প্ৰাপ্ত তথ্য অনুসৰি কোনো কথাক লৈ সৃষ্টি হোৱা কাজিয়াৰ পাছতে উত্তমে এই কার্য সঘটিত কৰে ৷ অভিযোগ অনুসৰি উত্তমে গচকি গচকি মাতৃক হত্যা কৰে ৷
ঘটনাৰ বিষয়ে চুবুৰীয়াই গম পোৱাৰ পিছতে মৰাণ আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে অভিযুক্ত উত্তম বৰুৱা গ্ৰেপ্তাৰ কৰিছে। পূর্বৰে পৰা তেওঁলোকৰ ঘৰত সঘনাই কাজিয়া-পেচাল হৈ আহিছিল বুলি ওচৰ চুবুৰীয়াই অভিযোগ কৰিছে ৷