ৰাছিয়াত নিৰ্মিত দুখন যুদ্ধ জাহাজ এইবাৰ ভাৰতত উপস্থিত হ’ব। ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি কৰিব আইএনএছ তুছিল (INS Tusheel) আৰু আইএনএছ তামাল(INS Tamal)-এ । এই দীঘলীয়া অপেক্ষাৰ অন্ত পৰিব চলিত বৰ্ষৰ দ্বিতীয়াৰ্ধত।
ভাৰতীয় নৌসেনাৰ বাবে ৰাছিয়াই নিৰ্মাণ কৰিছে দুখন অত্যাধুনিক যুদ্ধ জাহাজ। দুবছৰ আগতে ভাৰতত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু চুবুৰীয়া ৰাষ্ট্ৰ ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ যুদ্ধৰ বাবে যুদ্ধজাহাজ নিৰ্মাণত পলম হৈছিল। অৱশেষত সেই নির্মাণকার্য প্ৰায় শেষ হৈছে ৷কিছুদিন পূৰ্বে ৰাছিয়াৰ পৰা ভাৰতীয় নৌসেনাৰ এটা দল আহিছিল। চলিত বৰ্ষৰ শেষৰ ফালে যুদ্ধ জাহাজ দুখন ভাৰতক গতাই দিয়া হ’ব বুলি জানিবলৈ দিয়ে।
ভাৰতীয় নৌসেনাৰ মুৰব্বী মেটেৰিয়েল সঞ্চালকালয়ৰ এটা দলে শেহতীয়াকৈ ৰাছিয়া ভ্ৰমণ কৰি জাহাজ নিৰ্মাণৰ বুজ লৈছিল ৷ দুয়োখন জাহাজৰ নির্মাণৰ কাম সম্পূর্ণ হোৱা বুলি জানিবলৈ দিয়ে তেওঁলোকে ৷ ৰাছিয়াৰ কাৰিকৰী বিশেষজ্ঞসকলে সাগৰত প্ৰথমখন জাহাজ পৰীক্ষা কৰি আছে। অতি সোনকালে ভাৰতলৈ প্ৰেৰণৰ বাবে সেউজ সংকেত দিয়া হ’ব। যদি সকলো পৰিকল্পনা অনুসৰি হয় তেন্তে অহা আগষ্টত ভাৰতত উপস্থিত হ’ব ৰাছিয়াত নিৰ্মিত যুদ্ধ জাহাজ তুছিল।
দ্বিতীয়খন যুদ্ধ জাহাজৰ নাম ৰখা হৈছে আই এন এছ তামাল। ইয়াৰ লগতে নিৰ্মাণৰ পিছৰ পৰীক্ষাও চলি আছে। কিন্তু জাহাজখন এতিয়াও পৰীক্ষা কৰা হোৱা নাই। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত এই জাহাজখন ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
ৰাছিয়াৰ সহায়ত ভাৰতৰ মাটিত আৰু দুখন যুদ্ধ জাহাজ নিৰ্মাণ কৰা হৈছে। ভাৰতীয় নৌসেনাৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, গোৱা শ্বিপয়াৰ্ড লিমিটেডৰ জাহাজখন নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। ২০২৬ চনৰ ভিতৰত সেই দুখন জাহাজকো নৌসেনাৰ বহৰত যোগ কৰা হ’ব।