আগন্তুক ২০২২ চনৰ হ’বলগীয়া মেট্ৰিক পৰীক্ষাত ছমহীয়া পৰীক্ষাত অনুপস্থিত থকা ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি ছেবাৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে। অহা নৱেম্বৰ মাহৰ ভিতৰত দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ ইতিমধ্যেই ছেবাই জাননি জাৰী কৰিছে।
ইতিমধ্যে হৈ যোৱা আভ্যন্তৰীণ নম্বৰ অন্তৰ্ভুক্ত কৰিবৰ বাবে কালি ছেবাই এটা পৰ্টেল মুকলি কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগু, শিক্ষা বিভাগৰ প্ৰধান সচিব, ছেবাৰ মুখ্য সচিবকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সভাত অংশগ্ৰহণ কৰে।
Sebaonline.org পৰ্টেলটোৰ লগতে নৱম শ্ৰেণীৰ বাবে কম্পিউটাৰ বিজ্ঞানৰ পাঠ্যক্ৰমৰ উন্মোচন কৰা হয়।