সমগ্ৰ ৰঙিয়া অঞ্চলতে সাধাৰণ জনতাৰ মাজত সৃষ্টি হৈছে এক হাঁহাকাৰ । অসম চৰকাৰৰ খাদ্য সামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে নতুনকৈ যি ৰেচন কাৰ্ড যোগান ধৰিছিল তাৰ ভিতৰত অধিকাংশ কাৰ্ডে ওলাইছে ভূল । কোনোখনত যদি নামৰ ভূল, কোনোখনত আকৌ সদস্যৰ সংখ্যাত ভূল ।
কোনোখনত আকৌ পৰিয়ালৰ সদস্যৰ পৰিবৰ্তে আহিল অন্য কাৰোৱাৰ নাম । ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে হাঁহাকাৰ, নিজৰ কাৰ্ডখন শুধাৰৱলৈ কিছুমানে যদি ভিৰ কৰিছে সুলভ মুল্যৰ দোকানত, একাংশই আকৌ বোন্দাপৰ দিছে
খাদ্য সামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত ।
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে সাধাৰণ ৰাইজে যাতে হাবাথুৰি খাৱ নালাগে, তাৰ বাবে আগবঢ়ালে ৰাইজৰ হিতাৰ্থে মন্তব্য ।