ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ উদ্যোগত বিশ্ব পুতলা নাচৰ লগত সংগতি ৰাখি ১৮-২১ মাৰ্চলৈ ভাৰতীয় পুতলা শিল্পৰ এক উৎসৱ “পুতুল যাত্ৰা ২০২৪” ঝাৰখাণ্ডৰ ধানবাদত থকা বি চি চি এল কমিউনিটি হলত বৃহস্পতিবাৰে সামৰণি পৰে। “পুতুল যাত্ৰা ২০২৪” ত পদ্মশ্ৰী, সংগীত নাটক অকাডেমী আৰু ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত উচ্চ মানদণ্ডৰ পুতলা নাচৰ ১৪ টা দলক আমন্ত্ৰন কৰা হৈছিল । অসমৰ ২০২২ চনত ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ গৱেষণা জলপানি প্ৰাপ্ত তথা এণ.চি.ই.আৰ.টি, চি.চি.আৰ.টি , এছ চি আৰ টি, বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি বিনীতা দেৱীৰ পৰিচালনাত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় চিনিয়ৰ ফেল’ শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত নাট “বিষ্ণু প্ৰসাদ ৰাভা” “পুতুল যাত্ৰা ২০২৪”ত পৰিবেশন কৰা হয় ।
পুতলা নাট খনৰ সংগীত অভিজিৎ বৰ্মনৰ। “বিষ্ণু প্ৰসাদ ৰাভা” পুতলা নাট খনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ আৰু সংগীত অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মাৰ । নাটখনত বিষ্ণু প্ৰসাদ ৰাভাই স্বাধীনতা আন্দোলনত সংগীত, আবৃত্তি, নাটক আদিৰ জৰিয়তে কি দৰে জনগণক জাগ্ৰত কৰিছিল সেয়া দেখুওৱা হৈছে। লাঠী পুতলা আৰু ছায়া পুতলাৰ জৰিয়তে পৰিবেশন কৰা হয় নাটখন ।
পুতলা সমূহ সঞ্চালন কৰে ধ্ৰুৱ জ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, অংগৰাগ মহন্ত, বিনীতা দেৱী, কৰিস্মিতা তালুকদাৰ, দীপা মহন্ত, পলক কৈৰী, সীমান্ত শৰ্মাই । বিনীতা দেৱীৰ পৰিচালনাত “বিষ্ণু প্ৰসাদ ৰাভা” পুতলা নাটৰ সফল মঞ্চায়নে সন্মানীয় পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত সকলক অভিভূত কৰি তোলে। এই নাট খনে ইতিমধ্যে ভাৰত চৰকাৰৰ অধীনত বিভিন্ন ৰাজ্যত সাংস্কৃতিক কাৰ্যক্ৰমত পৰিবেশন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। তেখেতৰ পৰিচালনাৰ পুতলা নাট সমূহ অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব।