দেশৰ শক্তিপীঠসমূহৰ অন্যতম কামাখ্যা মন্দিৰ পৰিচালনাৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ বর্তমান অব্যাহত থকা পৰিচালনা ব্যৱস্থাকে বাহাল ৰাখিবলৈ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে ৷অর্থাৎ দলৈ সমাজৰ হাততে থাকিব কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্ব৷
গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে এই নির্দেশনা দিয়ে ৷ এতিয়াৰে পৰা মন্দিৰৰ দান-বৰঙণি জমা কৰিব পাৰিব দলৈ সমাজে ৷ মন্দিৰৰ সামগ্ৰিক কাম-কাজ পৰিচালনাৰ দায়িত্বত থাকিব দলৈ সমাজ৷
পূৰ্বে কামৰূপ মহানগৰ প্ৰশাসনক এই কৰ্তৃত্ব প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ মন্দিৰৰ দান-বৰঙনি জমা কৰাৰ বাবে মহানগৰ জিলা প্ৰশাসনক সুকীয়া একাউণ্ট খুলিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিছিল ৷ ইয়াৰ পাছতে দলৈ সমাজে উচ্চ ন্যায়ালয়ৰ নির্দেশনাক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ গোচৰটোৰ শুনানিৰ সময়ত ৰাজ্য চৰকাৰে শপতনামাৰ জৰিয়তে কয় যে বর্তমান দলৈ সমাজে স্থানীয় প্ৰশাসনৰ সহযোগত সন্তোষজনকভাৱে মন্দিৰ পৰিচালনা কৰি আছে ৷ যাৰ বাবে এই ব্যৱস্থা বাহাল ৰাখিব লাগে ৷ এই শপতনামাৰ ভিত্তিতে দলৈ সমাজৰ দ্বাৰা মন্দিৰ পৰিচালনা ব্যৱস্থা বাহাল ৰাখিবলৈ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে ৷